মন্ত্ৰী বিমল বৰাৰ 'পংগু সন্তান' শব্দই আঘাট দিছে দিব্যাংগক; ৪৮ঘণ্টাত ক্ষমা খোজাৰ দাবী- দিব্যাংগ মঞ্চৰ

A

নিউজ ডেস্ক:

পৌৰসভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ দিনটোত শক্তি মন্ত্ৰী বিমল বৰাই অসম জাতীয় পৰিষদক সমালোচনা কৰি আছুৰ পংগু সন্তান বুলি কোৱা প্ৰসংগত এইবাৰ জাঙুৰ খাই উঠিছে দিব্যাংগ মঞ্চই।মন্ত্ৰী গৰাকীয়ে পংগু সন্তান শব্দটো প্ৰয়োগ কৰি সমাজৰ বিশেষভাৱে সক্ষম লোকসকলক উপলুঙা কৰিছে।ৰাজনৈতিক ভাৱে এটা দলে আনটো দলক কি সমালোচনা কৰে তাত আমাৰ ক’ব লগা কোনো কথা নাই।কিন্তু পংগু সন্তান অভিহিত কৰি ৰাজ্যৰ প্ৰায় ৪.৮০লাখ বিশেষভাৱে সক্ষম লোকক উপলুঙা কৰিছে- এই মন্তৱ্য দিব্যাংগ মঞ্চ অসমৰ মুখ্য উপদেষ্টা দুলু আহমেদৰ।গুৱাহাটী প্ৰেছ ক্লাবত তিনিটা দিব্যাংগ সংগঠনে যৌথভাৱে আজি সম্বোধন কৰা এক সংবাদমেলত দিব্যাংগ মঞ্চৰ কাৰ্যকৰী সভাপতি মহম্মদ মুস্তাফা কামালে কয়- যিসময়ত দেশৰ প্ৰধানমন্ত্ৰীয়ে আমাক দিব্যাংগজন বুলি সম্বোধন কৰাৰ লগতে কিছু আঁচনিৰো দিব্যাংগজন বুলি ৰূপায়ণ কৰিছে চৰকাৰে তেনে সময়ত এগৰাকী কেবিনেট মন্ত্ৰীয়ে ৰাজনৈতিক সমালোচনা কৰিবলৈ গৈ ব্যৱহাৰ কৰা 'পংগু সন্তান' শব্দটোৱে আমাৰ মনত যথেষ্ট আঘাত দিছে।
"পিতৃ-মাতৃয়ে পংগু সন্তান জন্ম দিওঁ বুলি নিদিয়ে।  মন্ত্ৰী বৰাৰ শব্দ ব্যৱহাৰে আমাৰ পিতৃ-মাতৃকো মানসিক ভাৱে আঘাত দিছে"- সংবাদমেলত কামালে লগতে কয়।
আনহাতে, মন্ত্ৰী গৰাকীক 'পংগু সন্তান' শব্দটো উঠাই লৈ আনুষ্ঠানিক ভাৱে দিব্যাংগসকলৰ আগত ক্ষমা খোজাৰ দাবী জনায় সংবাদমেলত।দুদিনৰ ভিতৰত শক্তিমন্ত্ৰী গৰাকীয়ে ক্ষমা নুখুজিলে তেওঁৰ বিৰুদ্ধে আইনৰ কাষ চপাৰ হুংকাৰ দিয়ে।লগতে ৰাজ্যৰ প্ৰতিটো দিব্যাংগ সংগঠনে যৌথভাৱে প্ৰতিবাদী আন্দোলন কৰি যাব বুলি ঘোষণা কৰে- কাৰ্যকৰী সভাপতি গৰাকীয়ে।

Your Comments