
নিউজ ডেস্ক:
অসম চৰকাৰৰ দায়িত্বজ্ঞানহীন কৰ্মকাণ্ড।মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰৰ অবিবেচকী কাণ্ডত হতচকিত বৌদ্ধিক সমাজ।জীৱিত অৱস্থাতে ৰাজ্যৰ এগৰাকী সংগীতৰ নিৰৱ সাধক তথা বিশিষ্ট অনাতাঁৰ শিল্পীক মৃত ঘোষণা কৰিলে হিমন্ত চৰকাৰে। এই দায়িত্বজ্ঞানহীন কাৰ্যই সম্প্ৰতি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে।মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জীৱিত অৱস্থাতে লোক সংগীতৰ নিৰৱ সাধক তথা বিশিষ্ট অনাতাঁৰ শিল্পী ৰেণু শইকীয়াক মৃত বুলি উল্লেখ কৰি শোকপত্ৰ প্ৰেৰণ কৰিছে।কিন্তু বৰ্তমানো জীৱিত অৱস্থাত আছে অনাতাঁৰ শিল্পী গৰাকী।
উল্লেখ্য যে, চলিত বৰ্ষৰ ২ ফেব্ৰুৱাৰীত অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা বিশিষ্ট অনাতাঁৰ শিল্পী ৰেণু শইকীয়াৰ বাসগৃহলৈ শিল্পী গৰাকীৰ মৃত্যুৰ প্ৰতি শোক প্ৰকাশ কৰি শোকপত্ৰ প্ৰেৰণ কৰিছিল।ইফালে শোক পত্ৰখন স্বয়ং শিল্পী ৰেণু শইকীয়াই গ্ৰহণ কৰি আচৰিত হৈ পৰিছিল।ৰেণু শইকীয়ালৈ প্ৰেৰণ কৰা মুখ্যমন্ত্ৰীৰ পেডত মুখ্যমন্ত্ৰীৰ স্বাক্ষৰ থকা শোকপত্ৰখনে এতিয়া ছচিয়েল মিডিয়াত বিশেষ চৰ্চা লাভ কৰে ৷
আনহাতে এই ক্ষেত্ৰত দায়িত্বজ্ঞানহীন কাণ্ডৰ বাবে মুখ্যমন্ত্ৰী তথা মুখ্যমন্ত্ৰী চি এম চেলৰ পৰা কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।
- Log in to post comments
- 126 views