উৎসৱ-পাৰ্বণত কোটি টকা খৰচ কৰা ৰাজ্য চৰকাৰে ধনৰ অপচয় ৰুধিবলৈ মেট্ৰিকত পুৰণি প্ৰশ্নকাকত ব্যৱহাৰ কৰিব

A

নিউজ ডেস্ক:

'ধনৰ অপচয় ৰোধৰ বাবে পুৰণি প্ৰশ্ন কাকত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ব্যৱহাৰৰ সিদ্ধান্ত লোৱা হৈছে।বিগত বৰ্ষৰ প্রশ্ন কাকত নষ্টৰ প্ৰয়োজন নাই।পৰীক্ষাৰ্থীয়ে চিন্তা কৰাৰ প্ৰয়োজন নাই।কোনো অসুবিধা নহয়'- এই মন্তৱ্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ।শুকুৰবাৰে হেঙেৰাবাৰীৰ বিজেপি কাৰ্যালয়ত সাংবাদিকৰ প্ৰশ্নত এইদৰে কয়।
আনহাতে কংগ্ৰেছৰ ভৱিষ্যত বুলি একো নাই ।কংগ্ৰেছ এতিয়া ৰাষ্ট্ৰীয় দল হৈ থকা নাই।২০২৬চনলৈ এটা জিলা পৰ্যায়ৰ সৰু আঞ্চলিক দললৈ ৰূপান্তৰিত হ'ব কংগ্ৰেছ- এই মন্তব্য মূখ্যমন্ত্ৰী ড° শৰ্মাৰ।লগতে কয় যে জাতি, ধৰ্ম পাহৰি ৰাইজে এতিয়া উন্নয়নৰ ওপৰত ভিত্তি কৰি  ভোট দিবলৈ আৰম্ভ কৰিছে।পৰিয়াল তান্ত্ৰিক ৰাজনৈতিক দলক ৰাইজে বৰ্জন কৰিছে।দেশত অহা ৪-৫বছৰৰ ভিতৰত ভাৰতত জাতিবাদী, পৰিয়ালতান্ত্ৰিক দল বিলুপ্ত হৈ যাব।৫ৰাজ্যৰ নিৰ্বাচনী ফলাফলে মোডীৰ নেতৃত্বৰ ওপৰত  আস্থা  বঢ়াৰ কথা প্ৰতিফলিত কৰিছে ।আহিবলগীয়া নিৰ্বাচন সমূহতো বিজেপিৰ বিজয় হৈ থাকিব।
ইফালে মাজুলীবাসী ৰাইজক ধন্যবাদ জনোৱাৰ লগতে  পৌৰসভাৰ ফলাফলৰ বাবে অসমবাসীক ধন্যবাদ জনায়।মাজুলী উন্নয়নৰ বাবে  যি নিৰন্তৰ প্ৰচেষ্টা তাক অব্যাহত ৰাখিব বুলি কয়।যিমানে বিৰোধীয়ে অভিযোগ আৰু সমালোচনা কৰিছে সিমানে ৰাইজে হৃদয়ত   বিজেপিক বহুৱাবলৈ আৰম্ভ কৰিছে।বিৰোধী একত্ৰিত হ'লেও বিজেপিৰ ওচৰ চাপিব নোৱাৰে- শৰ্মাই কয়।
আনহাতে পাঞ্জাৱত আপে চৰকাৰ গঠন কৰাত অসমত হোৱা চৰ্চাক কটাক্ষ কৰি কয়- বেলেগত বৰষুণ হ'লে ইয়াত ছাতি লোৱা মানুহ ওলায়েই, আমি ছাতি লোৱাৰ সুবিধা নিদিও।
ইপিনে ৰাজ্যসভাৰ নিৰ্বাচনত বিজেপি ভালকৈ জিকিব। অসমৰ ৰাজ্যসভাৰ দুয়োখন আসনৰ বাবে এটা ভোট হে কম আছে বিজেপিৰ।১টা ভোটত ৰিস্ক লৈ নিৰ্বাচন খেলাটো বিৰোধীৰ কথা।বিৰোধীয়ে নিৰ্বাচন খেলিলে  নিজে ভুল কৰিব।
আনহাতে অখিল গগৈয়ে আন্দোলন কৰা প্ৰসংগত সাংবাদিকে সোধা প্ৰশ্নত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে  অখিল গগৈয়ে যিমানে  আন্দোলন কৰিব বিজেপি সিমানে  ফলে ফুলে জাতিষ্কাৰ হ’ব।

Your Comments