বিজেপি বিৰোধী ১১টা ৰাজনৈতিক দলৰ ১৬মাৰ্চত গুৱাহাটীত প্ৰতিবাদ

A

নিউজ ডেস্ক:
গুৱাহাটী প্ৰেছ ক্লাৱত বিজেপি বিৰোধী ১১টাকৈ ৰাষ্ট্ৰীয়- আঞ্চলিক ৰাজনৈতিক দলৰ যৌথ সংবাদমেল।অহা ১৬ মার্চত গুৱাহাটী মহানগৰীত যৌথ প্ৰতিবাদীৰ কাৰ্যসূচী ঘোষণা।ৰেল বিভাগে গুৱাহাটী মহানগৰীৰ ভূমি বণিয়াক হস্তান্তৰ কৰা আৰু নগাঁও-কাছাৰ কাগজ কল বিক্রীৰ বিৰুদ্ধে এই যৌথ প্ৰতিবাদী কাৰ্যসূচী ঘোষণা।গুৱাহাটী ক্লাবৰ ৰটাৰী পইণ্টৰ পৰা উক্ত দিনা ১১টাকৈ ৰাজনৈতিক দলে যৌথভাৱে বিজেপি চৰকাৰৰ বিৰুদ্ধে বাহিৰ কৰিব এই প্ৰতিবাদী ৰেলি।শুকুৰবাৰে সংবাদমেলত এই কথা ১১ টা দলে যৌথভাৱে সংবাদ বিবৃত্তিৰ জৰিয়তে ঘোষণা কৰে।উল্লেখ্য যে ৰেল বিভাগে প্ৰকাশ কৰা মতে প্ৰায় ২৬ বিঘা গুৱাহাটী মাজ-মজিয়াৰ ভূমি তিনিগৰাকীকৈ বণিয়াক ৯৯বছৰৰ বাবে লীজত দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।অসমৰ ভূমি বহিৰাগতক লীজত দিয়া সিদ্ধান্তই আইন বিৰোধী কথা।ৰেল বিভাগক ভূমিখিনি প্ৰয়োজন নহলে অসম চৰকাৰক ঘূৰাই দিয়াৰ দাবী জনায়-সাংসদ অজিত কুমাৰ ভূঞাই।আনহাতে প্ৰদেশ কংগ্ৰেছ দলৰ পৰা উপস্থিত থাকি মনজিৎ মহন্তই কয়- মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মাটিৰ লুভীয়া মানুহ।ৰেলৱেৰ মাটি ৯৯ বছৰৰ লীজত দিয়া সিদ্ধান্তৰ আঁৰত থাকিব পাৰে অন্য এক কৌশল।
উল্লেখ্য যে ,সংবাদমেলত অসম জাতীয় পৰিষদ দলৰ পৰা অমিতাভ বৰঠাকুৰ, ৰাইজৰ দলৰ কমল কুমাৰ মেধী, চি পি আই (এম) সুপ্ৰকাশ তালুকদাৰ, চি পি আই ডম্বৰু বৰা, চি পি আই (এম-এল) পংকজ কুমাৰ দাস, আম আদমী পাৰ্টী শ্যামাপদ ৰায়, এন চি পি হৃদয়ানন্দ গগৈ, আৰ জে ডি কামাখ্যা পাণ্ডে আৰু এল ডি পি গুণ গগৈ উপস্থিত থাকে ৷

Your Comments