
নিউজ ডেস্ক:
গুৱাহাটী প্ৰেছ ক্লাবত সদৌ অসম প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ মধ্যাহ্ন ভোজন ৰান্ধনী-সহায়িকা সন্থাৰ সংবাদমেল।অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ৰনোজ পেগুক শেষ বাৰলৈ অনুৰোধ।ৰাজ্যৰ ১লাখ ১৮হাজাৰ ৯৯৮গৰাকী ৰান্ধনী সহায়িকাৰ মজুৰী ৯৬০০টকা লৈ বৃদ্ধি কৰিব লাগে।উল্লেখ্য যে বৰ্তমান ১৫০০ টকাকৈ লাভ কৰি আছে ৰান্ধনী-সহায়িকাসকলে।ৰান্ধনী-সহায়িকাই মাহেকত মাননী যিমান পায় মুখ্যমন্ত্ৰী-শিক্ষামন্ত্ৰীৰ এসাঁজ ভাতৰ দামৰ মূল্য তাতকৈ বেছি।১৫০০টকাৰে কিদৰে ৰান্ধনী সহায়িকাসকলে পৰিয়াল চলাব- সংবাদমেলত এইদৰে কয় সন্থাৰ উপদেষ্টা তৃষ্ণা নাথে।আনহাতে সোণোৱাল চৰকাৰৰ দিনত বর্তমানৰ মুখ্যমন্ত্ৰী ডঃ শৰ্মা বিত্ত মন্ত্ৰী থাকোতে ৰান্ধনী-সহায়িকাসকলৰ বাবে ৫০০টকাকৈ ঘোষণা কৰিছিল।কিন্তু শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পাছত ৬ মাহে উক্ত ৫০০টকাও বন্ধ হৈ আছে।ফলত ১০০০টকা মাননীহে আমি লাভ কৰি আছো- উপদেষ্টা গৰাকীয়ে কয়।আনহাতে সংবাদমেলত অসম চৰকাৰক সকীয়াই সন্থাৰ উপ-সভানেত্ৰী খুদেজা খাতুনে কয়- ১৪ মাৰ্চৰ চৰকাৰৰ বাজেট অধিৱেশন, উক্ত সময়ত আমি কোনো প্ৰতিবাদ নকৰো।কিন্তু যদিহে বাজেটত আমাৰ ৰান্ধনী সহায়িকাসকলৰ বাবে একো ঘোষণা নহয় তেন্তে অহা ২০মাৰ্চৰ পাছৰ পৰা 'অনির্দিষ্টকালীন নিদ্ৰা ভংগ ৰেলি' ৰূপায়ণ কৰি দিছপুৰ অচল কৰি তোলা হ’ব।
উল্লেখ্য যে ,ৰান্ধনী-সহায়িকাসকলৰ পেঞ্চন আৰু চিকিৎসাৰ সুবিধা প্ৰদান কৰাৰ লগতে মধ্যাহ্ন ভোজনৰ আঁচনিখন কোনো কাৰণত বে-চৰকাৰী সন্থাক দিব নোৱাৰিব বুলি উপদেষ্টা নাথে কয়।
- Log in to post comments
- 14 views