
নিউজ ডেস্ক:
আজি পুৱতি নিশা কাজিৰঙা ৰাষ্টীয় উদ্যানৰ পৰা ওলাই অহা এটা বনৰীয়া হাতীৰ ট্ৰেঞ্চফৰ্মাৰত বিদ্যুৎপৃষ্ট হৈ মৃত্যু হয়।
ট্ৰেঞ্চফৰ্মাৰটো বহু তলত সংস্থাপিত হোৱাত হাতীটো ট্ৰেঞ্চফৰ্মাৰত লাগি ধৰে ৷
উল্লেখ্য যে ,ঘটনাস্থলীত বন মন্ত্ৰী পৰিমল শুক্লবৈদ্য উপস্থিত হৈ দুখ প্ৰকাশ কৰাৰ লগতে ভৱিষ্যতে এনেধৰণৰ ঘটনা পুনৰ সংঘটিত যাতে নহয় তাৰবাবে শক্তি বিভাগক ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে মন্ত্ৰী গৰাকীয়ে আহ্বান জনায়। লগতে শক্তি বিভাগৰ গাফিলতিৰ বাবে বনৰীয়া হাতীটোয়ে মৃত্যুক সাৱটি ল'ব লগা হ'ল বুলি মন্ত্ৰী গৰাকীয়ে জানিব দিয়ে। ঘটনা স্থলীত জিলা বন বিষয়া উপস্থিত থাকে।
- Log in to post comments
- 41 views