
নিউজ ডেস্ক:
ভঙাগড় আৰক্ষী থানাত জোঁৱানৰ মৃত্যু।যান-বাহন শাখাৰ আৰক্ষী বিপ্লৱ কুমাৰ সিনহা নামৰ জোঁৱান গৰাকীৰ শুই থকা অৱস্থাতে আকস্মিক বিয়োগ ঘটে ।বৃহস্পতি বাৰে নিশা শুই থকা অৱস্থাত মৃত্যুক সাৱটি লয় জোঁৱান গৰাকীয়ে।প্ৰাপ্ত খবৰ মতে বৃহস্পতিবাৰে নিশা কৰ্তব্যৰত অৱস্থাতে শুই পৰিছিল জোঁৱান গৰাকী।তাৰ পৰৱৰ্তী সময়ত সতীৰ্থই বহুবাৰ ফোন কৰিও ফোনত সঁহাৰি পোৱা নাছিল জোঁৱান গৰাকীৰ।পৰৱৰ্তী সময়ত শোৱাপাটীতেই মৃত অৱস্থাত উদ্ধাৰ কৰা হয় জোঁৱান গৰাকীক।বর্তমান মৰোণোত্তৰ পৰীক্ষাৰ বাবে জোঁৱান গৰাকীৰ নশ্বৰদেহ নিয়া হৈছে।উল্লেখ্য যে মৃত জোঁৱান গৰাকীৰ ঘৰ বঙাইগাঁৱৰ অভয়াপুৰীত।
- Log in to post comments
- 14 views