গুৱাহাটীত দলবদ্ধ ধৰ্ষণ;গাড়ীগাঁৱত ৫ দুৰ্বৃত্তৰ ধৰ্ষণৰ বলি ১৬বছৰীয়া কিশোৰী

A

নিউজ ডেস্ক:

মানৱ সমাজক লজ্জিত কৰা জঘন্যকাণ্ড সংঘটিত হৈছে গুৱাহাটী মহানগৰীত।পাঁচটা নৰপিশাচৰ দলবদ্ধ কামনাৰ বলি এগৰাকী ১৬বছৰীয়া কিশোৰী।অসহায় কিশোৰী গৰাকীক দুৰ্বৃত্তৰ দলটোৱে দলবদ্ধ ধৰ্ষণ কৰি ভিডিঅ’ বনাই ভাইৰেল কৰাৰ  ভাবুকি দিয়ে পৰিয়ালক ।ইতিমধ্যে ভুক্তভোগী কিশোৰী গৰাকীৰ পৰিয়ালে পানবজাৰ মহিলা থানাত দাখিল কৰিছে এজাহাৰ।পানবজাৰ মহিলা আৰক্ষী থানাত পৰিয়ালে দাখিল কৰা এজাহাৰৰ মতে ১৯ফেব্ৰুৱাৰীত টিউচন কৰিবলৈ যোৱা অৱস্থাত এই  ঘটনাটো সংঘটিত হৈছিল।পৰৱৰ্তী পৰ্যায়ত হোটেলত লৈ গৈ পুনৰ ধর্ষণ কৰিছিল।অভিযুক্ত কেইজন হৈছে বিকি আলি(২২), ফাইজুল আলি, পোনা আলি, পিংকু আলি আৰু ৰাজা আলি।ইতিমধ্যে কিশোৰী পৰিয়ালৰ এজাহাৰৰ ভিত্তিতেই পানবজাৰ মহিলা আৰক্ষী থানাই 19/22 নম্বৰত এক গোচৰ ৰুজু কৰি গোচৰটোত US 376(D) IPC RW SEC. 6 POSCO ACT/RW 67(B) IT ACT'ৰ ধাৰা সংলগ্ন কৰিছে।ইফালে আৰক্ষীয়ে কিশোৰী গৰাকীৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰিছে।বর্তমান আটাইকেইটা অভিযুক্ত পলাতক হৈ আছে।গুৰুত্বপূৰ্ণ কথা যে আন্তৰ্জাতিক নাৰী দিৱসৰ দিনাই পৰিয়ালে এজাহাৰ দাখিল কৰিছিল।হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱৰ্তীন হ’ব লগা কিশোৰীগৰাকী অভিযুক্ত বিকি আলিৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছে বুলিও পানবজাৰ আৰক্ষীয়ে কয়।

Your Comments