
নিউজ ডেস্ক
গুৱাহাটী প্ৰেছ ক্লাবত সৰ্বশিক্ষাৰ অধীনত কৰ্মৰত ৰাজ্যৰ বিশেষ টেট উৰ্ত্তীণ প্ৰাৰ্থীৰ সংবাদমেল।বিশেষ টেট উৰ্ত্তীণ প্ৰাৰ্থীসকলক শিক্ষা বিভাগ তথা চৰকাৰে পৃথক নিযুক্তিৰ ব্যৱস্থা কৰিব লাগে।সাধাৰণ শিক্ষক নিযুক্তি প্ৰক্ৰিয়াৰে নিযুক্তিৰ বিৰোধিতা বিশেষ টেট উৰ্ত্তীণসকলৰ।উল্লেখ্য যে ২০০৩চনৰ পৰা সৰ্বশিক্ষা অধীনৰ বিভিন্ন আঁচনিত জড়িত হৈ সেৱা আগবঢ়াই আহিছিল এইসকল শিক্ষকে ।৬-১৪ বছৰৰ শিশু শ্ৰমিক, পদপথৰ শিশু, বিদ্যালয়লৈ নোযোৱা শিশু, বিদ্যালয় ত্যাগ কৰা আৰু ছাত্ৰ ছাত্ৰীৰ অনুপাতে শিক্ষক নথকা চৰকাৰী বিদ্যালয়ত পাঠদান কৰি অহা এই শিক্ষকসকল সাধাৰণ নিযুক্তি প্ৰক্রিয়াত সংস্থাপন লাভ কৰাটো সম্ভৱ নহয়।কিয়নো বয়স আৰু শিক্ষাগত নম্বৰ বৰ্তমানৰ টেট উৰ্ত্তীনৰে পাৰ্থক্য আছে।সংবাদমেলত সন্থাৰ সভাপতি ধনজিৎ পাঠকে জানিব দিয়া মতে-“বিগত বৰ্ষৰ ৩ অক্টোবৰত সৰ্বশিক্ষা ইউনিক আই ডি প্ৰাপ্ত ১৪,৫৭৪ গৰাকীৰ প্ৰাৰ্থীৰে বিশেষ টেট পৰীক্ষা অনুষ্ঠিত হৈছিল।পৰীক্ষা অনুষ্ঠিত হোৱাৰ এমাহৰ পাছতেই ফলাফল ঘোষণা হৈছিল।ফলাফলত ৬৬৭ গৰাকী প্ৰাৰ্থী উৰ্ত্তীণ হৈছিল।কিন্তু আশ্চৰ্যজনক কথা ফলাফলৰ পাঁচমাহ উকলি যোৱাৰ পাছতো আজি পৰ্যন্ত নাপালোঁ সংস্থাপন।”
আনহাতে সংস্থাপনৰ সন্দৰ্ভত শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুক চাৰিবাৰকৈ সাক্ষাৎ কৰিছে প্ৰাৰ্থীসকলে।কিন্তু শিক্ষামন্ত্ৰী গৰাকীয়ে বিশেষ নিযুক্তি ব্যৱস্থাৰ পৰিৱৰ্তে সাধাৰণ নিযুক্তি বিজ্ঞাপনতেই আৱেদন কৰিবলৈ কয়।ইফালে সাধাৰণ নিযুক্তিৰ বাবে তেওঁলোকৰ সমস্যাৰ কথা কলে শিক্ষামন্ত্ৰী পেগুৱে-শিক্ষাদান ত্যাগ কৰি অন্য কাম কৰাৰ পৰামৰ্শ দিয়ে বুলি সংবাদমেলত সভাপতি পাঠকে কয়।তেওঁ জানিব দিয়া অনুসৰি শিক্ষকৰ বাবে এন চি আৰ টিয়ে নিৰ্ধাৰণ কৰি দিয়া সকলো যোগ্যতা অর্জন কৰা আছে আমাৰ।বিগত ১৯বছৰে সৰ্বশিক্ষা অধীনত ১০০০-৩৫০০টকা মজুৰীৰে কাম কৰিলোঁ কিন্তু এতিয়া আমাক প্ৰতাৰণা কৰিছে।বৰ্তমান অন্য চাকৰি কৰাৰো বয়স নাই।৫২ বছৰীয়া কৰ্মীয়ো বিশেষ টেটত উৰ্ত্তীণ হৈছে।সাধাৰণ টেটত কিদৰে তেওঁ আৱেদন কৰিব- চৰকাৰক প্রশ্ন কৰি তেওঁ লগতে তেওঁ কয়।
বর্তমান ৰাজ্য মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা শিক্ষামন্ত্ৰী হৈ থাকোঁতে আমাক বিশেষ টেট পৰীক্ষাত অৱৰ্তীন হ’বলৈ কৈছিল।বিশেষ টেট উৰ্ত্তীণৰ পাছতেই নিযুক্তিৰ মৌখিক আশ্বাস দিছিল কিন্তু পৰিতাপৰ কথা মুখ্যমন্ত্ৰীৰ এতিয়া সাক্ষাৎ নাপাওঁ।সাক্ষাৎ বিচাৰি বহুবাৰ আৱেদন কৰি আহিছো কিন্তু এবাৰো সঁহাৰি নাই"- সংবাদমেলত এইদৰে কয় সভাপতি পাঠকে।
আনহাতে আগন্তুক এসপ্তাহৰ ভিতৰত সমগ্ৰ বিষয়টোত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰি প্ৰাৰ্থীসকলে কয়- যদি এসপ্তাহৰ ভিতৰত ফলাফল নাপাওঁ তীব্র গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ’ব।ইয়াৰ বাবে দায়ী চৰকাৰ আৰু শিক্ষা বিভাগ হ’ব।
- Log in to post comments
- 76 views