অইল ইণ্ডিয়া লিমিটেডলৈ আলফা(স্বা)ৰ সতৰ্কবাণী; অসমৰ দল-সংগঠনলৈ জনালে এই আহ্বান

A

B

C

নিউজ ডেস্ক:

সংযুক্ত মুক্তি বাহিনী অসম চমুকৈ আলফা(স্বা)য়ে ৰাজ্যৰ তৈল প্ৰতিষ্ঠানসমূহলৈ জাৰি কৰিছে বিশেষ সতৰ্কবাণী।সশস্ত্ৰ সংগঠনটোৰ পূৰ্ব চৰ্ত অনুসৰি অসমত থকা তৈল প্ৰতিষ্ঠানসমূহৰ "অধ্যক্ষ আৰু প্ৰবন্ধ নির্দেশক" অসমৰ যোগ্য ব্যক্তিৰ বাবে সংৰক্ষণ কৰিব লাগে।কিন্তু শেহতীয়াকৈ অইল ইণ্ডিয়া লিমিটেডৰ অধ্যক্ষ আৰু প্ৰবন্ধ নিৰ্দেশক পদত বহিৰাগত ব্যক্তি ডঃ ৰঞ্জিত ৰাথক নিযুক্তি দিয়াৰ প্ৰসংগত সৰৱ হৈ পৰিছে বিদ্ৰোহী সংগঠনটো।অসমৰ থলগিৰি জনগণৰ স্বাৰ্থ পৰিপন্থী কাম কৰিছে অইল ইণ্ডিয়া লিমিটেডে।এনে কাৰ্যক কোনো কাৰণত সমৰ্থন কৰা নহব বুলি স্পষ্ট কৰি দিছে সংগঠনটোৱে।সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃত্তিত আলফাই কয় যে- অইল ইণ্ডিয়া লিমিটেডৰ উক্ত নিযুক্তি শীঘ্ৰেই বাতিল  কৰি উক্ত পদত অসমৰ থলগিৰিৰ যোগ্যজনক নিযুক্তি দিয়ক।অন্যথা অইল ইণ্ডিয়া লিমিটেডৰ বিৰুদ্ধে যিকোনো প্ৰতিৰোধ ব্যৱস্থা গঢ়ি তোলা হ’ব।আনহাতে বিবৃত্তিটোত অইল ইণ্ডিয়া লিমিটেডৰ এই সিদ্ধান্তৰ বিৰুদ্ধে অসমৰ জাতীয় সংগঠন আছু, বীৰ লাচিত সেনা, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, আটাছু, মৰাণ ছাত্ৰ সন্থা, মটক ছাত্ৰ সন্থা, টাইপা আৰু অসমৰ জনতাক সৰ্বাত্মক প্ৰতিবাদ গঢ়ি তোলা আহ্বান জনায় ।

Your Comments