মাজুলীত ভূৱন গামৰ বৃহৎ জয়; পৰাজিত চিত্তই কলে "সততাৰ যুজঁ দীঘলীয়া, এদিন প্ৰতিষ্ঠা হ’ব"

A

নিউজ ডেস্ক:

মাজুলী বিধানসভাৰ উপ-নিৰ্বাচনত বিজেপি প্ৰাৰ্থী ভূৱন গামৰ বৃহৎ বিজয়।বিৰোধী উমৈহতীয়া অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰীক বৃহৎ ব্যৱধানত পৰাস্ত কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উত্তৰ সুৰী হ’ল গাম।উল্লেখ্য যে বিজেপি প্ৰাৰ্থী গামে লাভ কৰে  ৬৬,০৯৬টা ভোট।আনহাতে বিৰোধী উমৈহতীয়া এজেপি প্ৰাৰ্থী গৰাকীয়ে লাভ কৰে মুঠ ২৪,৫৬৪টা ভোট।বিজেপি প্ৰাৰ্থী গামৰ জয়ৰ ব্যৱধান ৪১,৫৩০টা ভোট।
ইফালে জয়ী হৈ মাজুলী বিজেপি প্ৰাৰ্থী গামে কয়-এয়া মোৰ জয় নহয়, এয়া মাজুলীবাসীৰ জয়।সত্ৰাধিকাৰ প্ৰভু সকলৰ মৰম আৰু আশীৰ্বাদত জয়ী হৈছোঁ।মই মিছা প্ৰতিশ্ৰুতি-প্ৰলোভন দিব নাজানোঁ, কাম কৰি দেখুৱাম।
আনহাতে পৰাজয়বৰণ কৰি এজেপি প্ৰাৰ্থী চিত্তৰঞ্জনে কয়- সততাৰ যুঁজ ইমান সোনকালে শেষ নহয়।জনতাক আমি সময় দিব পৰা নাছিলো।সততাৰ যুঁজ দীঘলীয়া, এদিন নহয় এদিন প্ৰতিষ্ঠা হ’ব।মাজুলীৰ গৰিমা, সন্মান মাজুলী জনতাই ৰক্ষা কৰিব।জনতাই সততাৰে ভোট দান কৰিছে, কিন্তু বিজেপিৰ ধনবল, বাহুবল, প্ৰলোভন ৰাজনীতিত কিছুসংখ্যক ভোল গৈছে।ন্যায় প্ৰতিষ্ঠাৰ স্বাৰ্থত জনতাই এদিন সততাৰ লগত যোগ দিব।
গুৰুত্বপূৰ্ণ কথা যে ,মুঠ তিনিগৰাকী প্ৰাৰ্থী অৱৰ্তীন হৈছিল সমষ্টিটোৰ উপ-নিৰ্বাচনত।

Your Comments