
নিউজ ডেস্ক:
আজি পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা।পুৱা ৮বজাৰ পৰা আৰম্ভ হৈছে ভোটগণনা।কটকটীয়া নিৰাপত্তাৰ মাজেৰে আৰম্ভ হোৱা ভোটগণনাৰ ইতিমধ্যে ১ঘন্টা সম্পূৰ্ণ হৈছে।উত্তৰ-প্ৰদেশত বিজেপিৰ অগ্ৰগতি ১৫০টা সমষ্টিত।একেদৰে পাঞ্জাৱত আপৰ অগ্ৰগতি ৪৮টা সমষ্টিত।মণিপুৰত তুমুল প্ৰতিদ্বন্দ্বিতাৰ মাজেৰে কংগ্ৰেছ দলৰ ৭টা সমষ্টিত অগ্ৰগতি, গোৱাত তুমুল প্ৰতিদ্বন্দিতা কংগ্ৰেছ-বিজেপিৰ, উত্তৰাখণ্ডতো কংগ্ৰেছে প্ৰায় ২খন আসনত বিজেপিতকৈ পাছ পৰি আছে।উল্লেখ্য যে আজি দুপৰীয়াৰ ভাগলৈ চূড়ান্ত হ’ব চৰকাৰ কোনে ক’ত গঠন কৰিব।
- Log in to post comments
- 11 views