
নিউজ ডেস্ক:
বুধবাৰে ঘোষিত ৰাজ্যৰ পৌৰসভা নিৰ্বাচনত মূল বিৰোধী অসম প্ৰদেশ কংগ্ৰেছক ধূলিস্যাৎ কৰি বৃহৎ জয় বিজেপিৰ।পৌৰসভাৰ ৮০খন আসনৰ ৭৫খন আসনেই বিজেপিৰ দখলত।বিৰোধী কংগ্ৰেছে একমাত্ৰ নাৰায়ণপুৰ পৌৰ সভা দখলে কোনো মতে অস্তিত্ব ৰক্ষা কৰে।আনহাতে ঘোষিত ফলাফল মৰ্মে ২খন পৌৰসভা অসম গণ পৰিষদে আৰু ২ নিৰ্দলীয় দখললৈ যায়।উল্লেখ্য যে অসম গণ পৰিষদৰ দখললৈ যোৱা পৌৰসভা দুখন ক্ৰমে বোকাখাত আৰু বৰপেটা।একেদৰে নিৰ্দলীয় দখললৈ যায় মৰিয়নী আৰু হাইলাকান্দি।পৌৰসভা ৯৭৭ৱাৰ্ডৰ ৭৫৯টা বিজেপি-অগপ, ৭৬টা কংগ্ৰেছ, ৭টা অসম জাতীয় পৰিষদ, ২টা আম আদমী পাৰ্টী আৰু ১৩২টা নিৰ্দলীয় দখললৈ যায়।গুৰুত্বপূৰ্ণ কথা যে ,অগপৰ দখলত থকা বঙাইগাঁও পৌৰসভা এইবাৰ বিজেপিৰ দখললৈ যায়।একেদৰে কংগ্রেছৰ দেৱব্ৰত শইকীয়াৰ সমষ্টিৰ অন্তৰ্গত নাজিৰা পৌৰ সভা বিজেপি দখলত যায়।ইফালে বিজেপি বিধায়ক ৰূপজ্যোতি কুর্মী সমষ্টি অন্তৰ্গত মৰিয়নি পৌৰসভা নিৰ্দলীয় দখললৈ যায়।আনহাতে শিৱসাগৰ পৌৰসভাত কংগ্ৰেছ শূণ্য হয়।অখিল গগৈ নেতৃত্বাধীন সমষ্টিটোত বিজেপি দলে ১২টাকৈ ৱাৰ্ড লাভ কৰাৰ বিপৰীতে ৰাইজৰ দলে লাভ কৰে মাত্ৰ ২খন আসন।
- Log in to post comments
- 9 views