দুধর্ষ মাওবাদী নেতা কাঞ্চন দাক গুৱাহাটী ক্ৰাইম ব্ৰান্সত তেলেংগানা আৰক্ষীৰ জেৰা; পশ্চিমবংগ আৰক্ষীয়েও চলাব জেৰা

A

নিউজ ডেস্ক:

অসম আৰক্ষীৰ ক্ৰাইম ব্ৰান্সৰ জিম্মাত বন্দী হৈ থকা মাওবাদী কেন্দ্ৰীয় সমিতিৰ দুধর্ষ নেতা অৰুণ কুমাৰ ভট্টাচাৰ্য ওৰফে কাঞ্চন দা ওৰফে জ্যোতিষক(৭২)   তেলেংগানাৰ আৰক্ষী জেৰা।তেলেংগানাৰ আৰক্ষীৰ অধীক্ষকে গুৱাহাটী ক্ৰাইম ব্ৰান্সত উপস্থিত হৈ দুধৰ্ষ মাওবাদী নেতা কাঞ্চনক মাৰাথন জেৰা আৰম্ভ কৰিছে।
উল্লেখ্য যে তেলেংগানা আৰক্ষীয়ে নিজ জিম্মাত লোৱাৰ সম্ভাৱনা অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দুধৰ্ষ মাওবাদী নেতা কাঞ্চন আৰু সহযোগী আকাশ ওৰাঙক।ইয়াৰ উপৰিও মাওবাদী নেতা দুগৰাকীক জেৰা কৰা বাবে কলিকতা আৰক্ষীৰ এটা দলো অসমত উপস্থিত হৈছে। গুৰুত্বপূৰ্ণ কথা যে দুয়োজন মাওবাদী নেতাক ক্ৰাইম ব্ৰাঞ্চে ৯দিনৰ জিম্মাত লৈছে।ক্ৰাইম ব্ৰাঞ্চৰ জিম্মা শেষ হোৱাৰ পাছতেই বিভিন্ন ৰাজ্যৰ আৰক্ষীয়ে নিজৰ জিম্মাত লোৱাৰ সম্ভাৱনা অধিক প্ৰকট হৈ উঠিছে।কিয়নো  দেশৰ ভিন্ন প্ৰান্তত বহুকেইখন ৰাজ্যত দুধর্ষ মাওবাদী নেতা গৰাকীৰ বিৰুদ্ধে ৰুজু হৈ আছে প্ৰায় ২০০ ৰ অধিক গোচৰ।উল্লেখ্য যে মাওবাদী কেন্দ্ৰীয় নেতা গৰাকীৰ মূৰৰ মূল্য নিৰ্ধাৰণ কৰা আছিল প্ৰায় ৩কোটি টকা।
আনহাতে অসম আৰক্ষীৰ বিশেষ সূত্ৰৰ খবৰ অনুসৰি ২০১৯চনৰ পৰা অসমৰ বৰাক উপত্যকাত বাহৰ পাতি আছিল দুধর্ষ নেতা গৰাকীয়ে।মূলতঃ অসমত মাওঁবাদী ভেঁটি শক্তিশালী কৰাৰ পৰিকল্পনা কৰিছিল কাঞ্চনে।২০০৪চনত মাওবাদীত যোগদান কৰা কাঞ্চন আছিল এগৰাকী চিভিল ইঞ্জিনীয়াৰ।বিগত দুটা বৰ্ষত ৰাজ্যত তেওঁ ৰচনা কৰিছিল মাওবাদী সংবিধান।সশস্ত্ৰ সংগ্রাম এৰি মূল সুঁতিলৈ উভতি অহা একাংশ বিদ্রোহীক পুনৰ মাওবাদীৰ প্ৰতি আকৰ্ষিত কৰিছিল।

Your Comments