পৌৰসভাৰ ৭টা ৱাৰ্ড দখলেৰে ৰাজনীতিৰ পথাৰত জয়ৰ খাটা মুকলি অসম জাতীয় পৰিষদৰ

A

নিউজ ডেস্ক:

বুধবাৰে ঘোষিত হোৱা ৰাজ্যৰ পৌৰসভা নিৰ্বাচনৰ ৭খন আসনত বিজয় সাব্যস্তৰে সংসদীয় ৰাজনীতিত জয়ৰ খাটা মুকলি লুৰীণজ্যোতিৰ নেতৃত্বাধীন অসম জাতীয় পৰিষদৰ।নৱগঠিত আঞ্চলিক ৰাজনৈতিক দলটোৰ  পৰা নামৰূপ পৌৰসভা ৯নং ৱাৰ্ডত প্ৰস্তুতি ফুকন গগৈ, ৰহাৰ ৯নং ৱাৰ্ডত জোনমণি বৰদলৈ, পাটাচাৰকুচিৰ ১নং ৱাৰ্ডত প্ৰাণজিৎ হালৈ, চাপৰৰ ৬নং ৱাৰ্ডত চুৰত আলী শ্বেখ, পলাশবাৰীৰ ৫ নং ৱাৰ্ডত সুধন্য কলিতা আৰু ১০ নং ৱাৰ্ডত অৰূপ দাসে বিজয় সাব্যস্ত কৰে৷আনহাতে নামৰূপৰ ৪টা, মাৰ্ঘেৰিটাৰ ৪টা, নাহৰকটীয়াৰ ৩টা, নাজিৰাৰ এটা, সোণাৰীৰ এটা, মৰাণৰ দুটা, তেজপুৰৰ এটা, ৰঙাপাৰাৰ এটা, নগাঁৱৰ ৪টা, ৰহাৰ ৩টা, ধেমাজিৰ ৩টা, পলাশবাৰীৰ দুটা আৰু ৰঙিয়াৰ এটা ৱাৰ্ডত দ্বিতীয় স্থানত থাকে জাতীয় পৰিষদৰ প্ৰাৰ্থী৷
উল্লেখ্য যে দলটো গঠনৰ পাছত এইয়া প্ৰথমটো পৌৰ নিৰ্বাচন।দলটোৱে সমগ্ৰ ৰাজ্যত ১১৮টা ৱাৰ্ডত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল।ইফালে ফলাফল ঘোষণাৰ পাছতে পৌৰসভাত দলৰ বিজয়ী প্ৰাৰ্থীসকলক অভিনন্দন আৰু দলৰ টিকটত প্ৰতিদ্বন্দিতা কৰা প্ৰাৰ্থীসকলক ধন্যবাদ জনায় অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই।নিৰ্বাচনী ফলাফল প্ৰসংগত এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে নেতাদ্বয়েল কয়-জাতীয় স্বাভিমান পুনৰুদ্ধাৰৰ লক্ষ্য লৈ এক বিকল্প ৰাজনৈতিক ধাৰা প্ৰতিষ্ঠা জাতীয় পৰিষদৰ সংগ্ৰামখনৰ প্ৰতি এয়া ৰাইজৰ স্বীকৃতি৷ এই বিজয়ে দলক নিজৰ ৰাজনৈতিক সংগ্ৰামখন অধিক গতিশীলতাৰে আগুৱাই নিবলৈ উৎসাহিত কৰিব৷ জাতীয় পৰিষদৰ প্ৰাৰ্থীসকলক ভোট দিয়া ৰাইজলৈয়ো গগৈ আৰু ভূঞাই কৃতজ্ঞতা জ্ঞাপন কৰে৷

Your Comments