
নিউজ ডেস্ক:
দেশৰ ৰাজনীতিত অৰবিন্দ কেজৰিৱালৰ নেতৃত্বাধীন আম আদমী পাৰ্টী চমুকৈ আপ'ৰ ৰাজনৈতিক উত্থান বৃদ্ধি পোৱাৰ সমান্তৰালকৈ অসমৰ ৰাজনীতিতো জয়ৰ দুৱাৰ মুকলি কৰিছে আপে।বুধবাৰে ঘোষিত অসমৰ পৌৰসভা নিৰ্বাচনৰ ফলাফলত ২টা ৱাৰ্ড দখল আপৰ প্ৰাৰ্থীৰ।লখিমপুৰ পৌৰসভাৰ ১৪(গ) নং ৱাৰ্ডত উদিতা দাস আৰু তিনিচুকীয়া পৌৰসভাৰ ১১নং ৱাৰ্ডৰ পৰা ধীৰাজ কুমাৰ সিং জয়ী হয় আপৰ পৰা।উল্লেখ্য যে ৰাজ্যৰ পৌৰসভা নিৰ্বাচনত ৩৪টা ৱাৰ্ডত প্ৰাৰ্থী থিয় কৰাইছিল আপে।
ইফালে জয়ৰ পাছতে আপ'ৰ ৰাজ্যিক নেতৃত্বই দুয়ো গৰাকী প্ৰাৰ্থীক শুভেচ্ছা জনোৱাৰ লগতে দলটোৰ কর্মী আৰু সমৰ্থকক কৃতজ্ঞতা জনায়।এই কথা এক সংবাদ বিবৃত্তিৰ জৰিয়তে প্ৰকাশ দলটোৰ ৰাজ্যিক সমন্বয়ক ডাঃ ভবেন চৌধুৰীৰ।
উল্লেখ্য যে দিল্লীৰ বিধানসভা দ্বিতীয়বাৰলৈ দখল কৰা আম আদমী পাৰ্টীয়ে দেশৰ বিভিন্ন প্ৰান্তত ৰাজনৈতিক ভেঁটি স্থাপনৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।তাৰ অংশ হিচাপে ৰাজ্যৰ ৰাজনীতিতো সোমাই পৰিছে আপ।ইফালে আজি জয়ৰ পাছত অহা পৌৰ নিগমৰ নিৰ্বাচনতো প্ৰাৰ্থী থিয় কৰাব বুলি কয় ৰাজ্যিক সমন্বয়ক চৌধুৰীয়ে।
- Log in to post comments
- 23 views