ব্ৰহ্মপুত্ৰত আত্মজাহৰ হুংকাৰ খাকী পোচাকধাৰীৰ; চছলত গৃহৰক্ষীৰ অনিৰ্দিষ্টকালীন ধৰ্মঘট

A

নিউজ ডেস্ক:
প্ৰাপ্য বিচাৰি সদৌ অসম গৃহৰক্ষী স্বেচ্ছাসেৱক কল্যান সন্থাৰ প্ৰতিবাদ।গুৱাহাটী মহানগৰীৰ চচল ধৰ্ণাস্থলীত বুধবাৰৰ পৰা বহুকেইটা দাবীৰে অনিৰ্দিষ্টকালীন ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছে জোৱানে।খাকীপোচাকধাৰী অসম আৰক্ষী অধীনৰ গৃহৰক্ষী জোৱানসকলক দীৰ্ঘ দিনৰে পৰা চৰকাৰে বঞ্চনাৰ কৰাৰ গুৰুতৰ অভিযোগ।অনিৰ্দিষ্টকালীন ধৰ্মঘট ৰূপায়ণ কৰি গৃহৰক্ষীসকলৰ সমূহীয়া হুংকাৰ “চাকৰি নিয়মীয়া নহলে ব্ৰহ্মপুত্ৰত আত্মজাহ দিবলৈ আমি সাজু।”
উল্লেখ্য যে , অসম গৃহৰক্ষী আইন-১৯৪৭ যোৱা ২০১৫ চনত  সংশোধিত নিয়মাৱলী পুনৰ সংশোধন ঘটাই গৃহৰক্ষীৰ চাকৰি নিয়মীয়াকৰণ কৰিব লাগে।
গৃহৰক্ষী জোৱানসকল কৰ্তব্যত মকৰল কৰাত হোমগাৰ্ড ডেভেলপমেণ্ট ছফ্টৱেৰ চিষ্টেম বন্ধ কৰিব লাগে।উল্লেখ্য যে এই নিয়মৰ অধীনত আমাক শোষণ কৰা হৈছে- এই অভিযোগ সন্থাৰ সভাপতি ৰঞ্জিত লয়িঙৰ।
তাৎপৰ্যপূৰ্ণ কথা এই যে দীৰ্ঘদিনৰ পৰা জোৱানসকলে সমস্যা সমাধান বিচাৰি আন্দোলন কৰি আহিছে যদিও কোনো গুৰুত্ব দিয়া নাই গৃহবিভাগ তথা চৰকাৰে।পূর্বতে ৰাজ্যৰ মুখ্য সচিবৰে ৪বাৰকৈ আলোচনাত মিলিত হৈছিল যদিও আলোচনাৰ কোনো ফল নধৰিল।পৰিতাপৰ কথা যে ২৪ঘণ্টাই জনতাৰ সুৰক্ষাত নিয়োজিত গৃহৰক্ষী এই জোৱানসকলে দৈনিক মজুৰী লাভ কৰে ৩০০টকা।তেওঁলোকৰ দাবী উচ্চতম ন্যায়ালয় আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰদান কৰা ৰায় অনুসৰি সমান কামৰ বাবে সমান মজুৰী প্ৰদান কৰিব লাগে।
ইফালে প্ৰতিবাদস্থলীৰ পৰাই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক উদেশ্য কৰি কয়- যদি প্ৰতিবাদক ২৪ঘণ্টাৰ ভিতৰত মুখ্যমন্ত্ৰীয়ে গুৰুত্ব নিদিয়ে তেন্তে ইয়াতকৈ অধিক হ’ব জংগী আন্দোলন।মুখ্যমন্ত্ৰীৰ ইতিবাচক সঁহাৰি লাভ নকৰা পৰ্যন্ত অনিৰ্দিষ্টকালীন ধৰ্মঘট অব্যাহত থাকিব বুলিও সভাপতি গৰাকীয়ে কয়।
উল্লেখ্য যে আজিৰে পৰা আৰম্ভ হোৱা অনিদিষ্টকালীন ধৰ্মঘটৰ কাৰ্যসূচীত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ প্ৰায় শতাধিক গৃহৰক্ষী জোৱানে অংশগ্ৰহণ কৰে।

Your Comments