
নিউজ ডেস্ক:
শালনা বনাঞ্চলিক বিষয়া নেপাল মণ্ডলৰ নেতৃত্বত চোৰাংকাঠ সৰবৰাহকাৰীৰ বিৰুদ্ধে অধিক কঠোৰ হৈছে শালনা বন বিভাগ। চাৰি দিনৰ ভিতৰতে তিনিখনকৈ চোৰাংকাঠ ভৰ্তি বাহন জব্দ কৰি বিশেষ সফলতা প্ৰদৰ্শন কৰিছে বন বিভাগৰ দলটোৱে। যোৱা ৫ মাৰ্চ তাৰিখে শালনা বনাঞ্চলিক বিষয়া নেপাল মণ্ডলৰ নেতৃত্বত বন বিভাগৰ এটি দলে চোৰাংকাঠ ভৰ্তি একে নম্বৰৰ দুখনকৈ ডি আই বাহন জব্দ কৰাৰ পাছত আজি পুৱা জব্দ কৰে চোৰাংকাঠৰ ফান্টা কঢ়িয়াই অনা আন এখন বাহন। AS09 C 0855 নম্বৰৰ নগাঁও অভিমুখী ট্ৰাক খনে চোৰাং কাঠৰ ফান্টা কঢ়িয়াই অনাৰ খবৰ লাভ কৰি জখলাবন্ধা খণ্ড বন বিষয়া কুলেন্দ ভূঞাৰ নেতৃত্বত পুৱা অভিযান চলাই আমনিৰ পৰা জব্দ কৰে বাহনখন। বাহনসহ জব্দ কৰা তিতাচেপা, মাকৈশালকে ধৰি মূল্যবান কাঠৰ ফান্টা খিনিৰ মূল্য লক্ষাধিক টকাৰ হ'ব বুলি বন বিভাগৰ সূত্ৰে জানিব পৰা গৈছে।
বন বিভাগে জব্দ কৰা বাহনখনক প্ৰথমে জখলাবন্ধাত ৰখাবলৈ বন বিভাগৰ লোকে চেষ্টা চলাইছিল যদিও বাহনখনৰ চালকে কৌশলৰে জখলাবন্ধাৰ পৰা পলায়ন কৰে যদিও আমনিত বাহনখন জব্দ কৰিবলৈ সক্ষম হয় বন বিভাগৰ দলটো। বাহনখনৰ চালক আৰু সহযোগীয়ে আমনি অঞ্চলত বাহন খন এৰি থৈ পলায়ন কৰে বুলি বন বিভাগৰ লোকে জানিব দিয়ে। সম্প্ৰতি চোৰাংকাঠ সহ বাহনখন শালনা বনাঞ্চলিক কাৰ্যালয়ত ৰাখি তদন্ত অব্যাহত ৰাখিছে বন বিভাগে।
- Log in to post comments
- 10 views