
নিউজ ডেস্ক:
চাইবাৰ অপৰাধীৰ ৰোষত ৰাজ্যৰ এগৰাকী বিধায়ক।বিধায়কৰ গৰাকীৰ একাউণ্টৰ পৰা চাইবাৰ অপৰাধীয়ে লুটিলে ৯০হাজাৰ টকা।চাইবাৰ অপৰাধীৰ ৰোষত পৰা বিধায়ক গৰাকী হৈছে AIDUFৰ জনীয়া সমষ্টিৰ বিধায়ক ৰফিকুল ইছলাম।কলিকতাৰ এটা SBI শাখাৰ পৰা লুটি নিয়ে এই ধন।ঘটনা সন্দৰ্ভত দিছপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়ে কোনো তদন্ত নকৰাৰ অভিযোগ ইছলামৰ।সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে-কোনোবা চাইবাৰ অপৰাধীয়ে কলিকতাৰ কোনো এটা SBI শাখাৰ পৰা দুটা মাহৰ ভিতৰত মোৰ SBI একাউন্টৰ পৰা ৯০ হাজাৰ টকা লুটি লৈ গৈছে।এই বিষয়ে দিছপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ লগতে বেংকটোৰ সকলো তথ্য পাতি দিছো কিন্তু আজিলৈ দিছপুৰ আৰক্ষী আৰু বেংকে কোনো ব্যৱস্থা নকৰিলে।
- Log in to post comments
- 10 views