
নিউজ ডেস্ক:
শিক্ষাৰ্থী জীৱনৰ প্ৰথমটো গুৰুত্বপূৰ্ণ পৰীক্ষাক লৈ ল'ৰা ধেমালি অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ 'ছেবা' আৰু শিক্ষা বিভাগৰ।হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষাত বেমেজালি নোহোৱাকৈ অনুষ্ঠিত কৰিব নোৱাৰা ছেবাৰ প্ৰশ্নকাকত কেতিয়াবা যদি ফাদিল হয়, কেতিয়াবা আকৌ উত্তৰবহী গৰুৱে খায়।বছৰত মাত্ৰ এটা পৰীক্ষা অনুষ্ঠিতৰ দায়িত্বত থকা মাধ্যমিক শিক্ষা পৰিষদে বিতৰ্ক নোহোৱাকৈ পৰীক্ষা অনুষ্ঠিত কৰা নজিৰ খুবেই কম।এইবাৰ এখোপ আগুৱাই পৰীক্ষালৈ এসপ্তাহ বাকী থকা অৱস্থাত পুৰণি প্রশ্নকাকত আৰু উত্তৰবহী ব্যৱহাৰ কৰা সিদ্ধান্তই অন্য এক বিতৰ্কত সোমাইছে ছেবা।২০২১-২২ বৰ্ষত পৰীক্ষাত অৱৰ্তীন হ’ব লগা ৪লাখ ৩১হাজাৰ ১৩১ গৰাকী পৰীক্ষাৰ্থী, অভিভাৱকক মানসিক হীনমন্যতাত ৰাখি প্ৰাকৃতিক সম্পদৰ অপব্যৱহাৰ ৰোধ কৰাৰ সপোন দেখিছে শিক্ষা বিভাগ আৰু ছেবাই।ছেবাৰ পূৰ্ব নিৰ্ধাৰিত পাঠ্যক্ৰম মৰ্মে পৰীক্ষালৈ সাজু হোৱা ছাত্ৰ-ছাত্ৰীসকলক শেষমুহূৰ্তত ২০২০-২১ বর্ষ প্রশ্নকাকত আৰু উত্তৰবহীত পৰীক্ষা অনুষ্ঠিত হ’ব বুলি সোমবাৰে জাননী জাৰি কৰাৰ পাছতে দোমোজাত পৰীক্ষাৰ্থী-অভিভাৱক।আনহাতে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক চিন্তিত হৈ থকা সময়তে মঙলবাৰে গুৱাহাটী বামুণীমৈদামস্থিত ছেবা কাৰ্যালয়ত বিষয়টো স্পষ্ট কৰাৰ বাবে ছেবা পৰীক্ষা নিয়ন্ত্ৰক আৰু সচিবে এক সংবাদমেল সম্বোধন কৰে।সংবাদমেলত প্রশ্নকাকত-উত্তৰবহী বিষয়ত বিভাগৰ জাননী জাৰি কৰাত পলম হোৱা কথা স্বীকাৰ কৰি পৰীক্ষাৰ্থী আৰু অভিভাৱকক উদ্দেশ্য কৰি নিজৰ দোষ স্বীকাৰ নিয়ন্ত্ৰক নয়নজ্যোতি শৰ্মাৰ।তেওঁ কয় যে “আমি দুঃখিত।কামটো আগতে কৰিব লাগিছিল।সময়ত জাননী যোৱা হলে ভাল আছিল কিন্তু নগ’ল।”
ইফালে নিয়ন্ত্ৰক গৰাকীয়ে ছেবাৰ জাননী জাৰি কৰাত ভুল স্বীকাৰ কৰিছে যদিও পুৰণি প্ৰশ্নকাকতেৰে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱা বিষয়টোত সাংবাদিকে কৰা প্ৰশ্নত সঠিক উত্তৰ দিব নোৱাৰিলে।
পৰীক্ষাৰ্থী-অভিভাৱকক ১০০শতাংশ সু-নিশ্চিত প্ৰদান কৰি নিয়ন্ত্ৰক শৰ্মাই কয়- ৪০শতাংশ পাঠ্যক্ৰম হ্রাস কৰা প্ৰশ্নকাকততে পৰীক্ষা অনুষ্ঠিত হ’ব।নিৰ্ধাৰিত পাঠ্যক্ৰমৰ বাহিৰত কোনো প্ৰশ্ন নাহে।তেওঁ অৱগত কৰা অনুসৰি ২০২০-২১বর্ষত ৩০শতাংশ পাঠ্যক্ৰম সামৰি প্ৰশ্নকাকত যুগুত কৰাৰ কথা জাননীত জাৰি কৰা হৈছিল যদিও শেষ মুহূৰ্তত ছাত্ৰ-ছাত্ৰীৰ সুবিধা হোৱাকৈ অতিৰিক্ত আৰু ১০ শতাংশ হ্রাস কৰি প্ৰশ্ন কাকত যুগুত কৰা হৈছিল।সেই মৰ্মে এইবাৰ ৬০ শতাংশ পাঠ্যক্ৰমত যিসমূহ অন্তৰ্ভুক্ত হৈছে সেই বিষয়সমূহ যোৱা বছৰ প্ৰশ্ন কাকতৰে মিল আছে।গতিকে সম্পূৰ্ন ৬০শতাংশ পাঠ্যক্ৰমৰ পৰাহে ছাত্ৰ-ছাত্ৰীৰ প্ৰশ্ন আহিব।ৰহস্যজনক কথা যোৱা বছৰত আনুষ্ঠানিকভাৱে ৩০শতাংশ পাঠ্যক্ৰম হ্ৰাস কৰা জাননী জাৰি হৈছিল যদিও পুনৰ আৰু ১০শতাংশ পাঠ্যক্ৰম হ্ৰাস কৰা জাননী জাৰি হোৱা নাছিল।তেনে স্থলত কিদৰে ছাত্ৰ-ছাত্ৰী নিশ্চিত হ’ব পাৰিব পৰীক্ষা নিয়ন্ত্ৰক গৰাকীৰ ভাষ্যত।
আনহাতে, ২০২০-২১বৰ্ষত যুগুত কৰা প্ৰশ্নকাকত সমূহ পৰীক্ষা বাতিল হোৱাত ছেবা কাৰ্যালয়ত ৰখা হৈছিল।এখনো প্ৰশ্নকাকত বা উত্তৰবহী নষ্ট হোৱা নাই।সেই মৰ্মে প্ৰশ্নকাকত ফাদিলৰ সম্ভাৱনা নাই-শৰ্মাই কয়।গুৰুত্বপূৰ্ণ কথা যে ছাত্ৰ-ছাত্ৰীৰ পৰা পৰীক্ষাৰ মাচুল সংগ্ৰহ কৰিও কিয় প্ৰশ্ন কাকত যুগুত কৰিবলৈ সক্ষম নহয় ছেবা সেইয়া গভীৰ ৰহস্য।
সংবাদমেলত ছেবাৰ সচিব নৰনাৰায়ণ নাথে জানিব দিয়া মতে ৯০৩টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হ’ব পৰীক্ষা।
- Log in to post comments
- 17 views