
নিউজ ডেস্ক:
হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ প্ৰশ্ন কাকত আৰু উত্তৰবহীৰ প্ৰসংগই শৈক্ষিক মহলত সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়া।বিভিন্ন দল-সংগঠন, ব্যক্তিয়ে শিক্ষা বিভাগ আৰু ছেবাৰ সিদ্ধান্তক বিৰোধিতা কৰিছে।পৰীক্ষাৰ প্ৰাকক্ষণত ছাত্ৰ-ছাত্ৰীৰ সমস্যা সৃষ্টি কৰা সিদ্ধান্ত প্ৰত্যাহাৰৰ বাবে ৰাজ্যজুৰি দাবী উত্থাপন হৈছে।ইফালে শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৱে পুৰণি প্ৰশ্ন কাকত আৰু উত্তৰবহীৰে চলিত বৰ্ষৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ যি যুক্তি আগবঢ়াইছে সেই যুক্তিক বিভিন্ন জনে উভতি ধৰিছে।সামাজিক মাধ্যমত শিক্ষামন্ত্ৰী পেগুৰ যুক্তিক উভতি ধৰি বহুজনে কৈছে- “প্ৰাকৃতিক সম্পদৰ অপচয় ৰোধ কৰিবলৈ যাওঁতে মানৱ সম্পদক ধ্বংস কৰিবলৈ লোৱা হৈছে।এনে কাৰ্য কেতিয়াও সমৰ্থন কৰিব নোৱাৰি।ছাত্ৰ-ছাত্ৰীয়ে যিসময়ত পৰীক্ষাকলৈ ব্যস্ত থাকে তেনে সময়ত প্রশ্নকাকতৰ সমস্যাই অধিক মানসিক চাপ বৃদ্ধি কৰিছে।অন্যায় হৈছে ছাত্ৰ-ছাত্ৰী সকলৰ ওপৰত।”
ইফালে আছু-অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সিদ্ধান্ত প্ৰত্যাহাৰ কৰাৰ দাবী জনাইছে।উল্লেখ্য যে অহা ১৫মার্চৰ পৰা অনুষ্ঠিত হ’ব মেট্ৰিক পৰীক্ষা।
- Log in to post comments
- 13 views