শিক্ষাবিভাগ আৰু ছেবাই অন্যায় কৰিছে মেট্ৰিক-হাই মাদ্ৰাছা পৰীক্ষাৰ্থীক- শংকৰজ্যোতি বৰুৱা

A

নিউজ ডেস্ক:

অসম চৰকাৰৰ শিক্ষা বিভাগ আৰু ছেবা কৰ্তৃপক্ষৰ হঠকাৰী সিদ্ধান্তই পৰীক্ষাৰ প্ৰাক মুহূৰ্তত বিপদত পেলাইছে কোভিডত ক্ষতিগ্ৰস্ত ৰাজ্যৰ হাইস্কুল আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ্থীক।২০২১বর্ষৰ প্রশ্ন কাকত-উত্তৰবহীৰে আগন্তুক হাইস্কুল আৰু হাইমাদ্ৰাছা পৰীক্ষা অনুষ্ঠিত কৰিব বুলি সোমবাৰে শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগু আৰু 'ছেবা'ৰ কর্তৃপক্ষই আনুষ্ঠানিক ঘোষণা জাননী জাৰি কৰাৰ পাছতেই বিপদত পৰিছে পৰীক্ষাৰ্থী।ছাত্ৰৰ জীৱনৰ প্ৰথমটো গুৰুত্বপূৰ্ণ পৰীক্ষাত অৱৰ্তীন হবলৈ ওলোৱা লাখ-লাখ পৰীক্ষাৰ্থীক ৰাজ্যৰ শিক্ষা বিভাগ আৰু ছেবাৰ দায়িত্বজ্ঞানহীন সিদ্ধান্তই মানসিক চাপ বৃদ্ধি কৰিছে।যিসময়ত পৰীক্ষাক লৈ ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকসকল চিন্তিত হৈ থাকে তেনে সন্ধিক্ষণত শিক্ষাবিভাগ আৰু 'ছেবা' কৰ্তৃপক্ষই প্ৰশ্নকাকত আৰু উত্তৰবহী প্ৰসংগই অতিৰিক্ত ভাৱে জাপি দিছে মানসিক চাপ।উল্লেখ্য যে ছেবা কৰ্তৃপক্ষই কোভিডকালীন পৰিৱেশৰ ফলশ্ৰুতিত ৬০শতাংশ পাঠ্যক্ৰম সামৰিহে পৰীক্ষাৰ অনুষ্ঠিত কৰা হ’ব বুলি পৰীক্ষাৰ্থীক অৱগত কৰিছে।আনহে নালাগে ছেবাই ৬০শতাংশ পাঠ্যক্ৰম নিৰ্ধাৰণ কৰি দিছে।তেনেস্থলত ছেবাই নিৰ্ধাৰিত কৰি দিয়া  পাঠ্যক্ৰম পঢ়ি সাজু হৈছে পৰীক্ষাৰ্থী। কিন্তু পুৰণি প্ৰশ্নকাকতেৰে পৰীক্ষা অনুষ্ঠিত হলে ছেবাই নিৰ্ধাৰণ কৰি দিয়া পাঠ্যক্ৰমৰ বাহিৰত অতিৰিক্ত প্ৰশ্ন আহিব পৰীক্ষাত।কাৰণ ২০২১ বৰ্ষৰ প্ৰশ্নকাকত যুগুত কৰা হৈছিল ৭০ শতাংশ পাঠ্যক্ৰম সামৰি।আনহাতে শিক্ষাবিভাগ আৰু ছেবা কৰ্তৃপক্ষৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে সদৌ অসম ছাত্ৰ সন্থাই।ছেবা আৰু শিক্ষাবিভাগে ছাত্ৰ-ছাত্ৰীক অন্যায় কৰিছে।পৰীক্ষাৰ এসপ্তাহৰ পূৰ্বে কৰ্তৃপক্ষৰ এনে সিদ্ধান্তই পৰীক্ষাৰ্থীৰ শৈক্ষিক ভৱিষ্যতৰ ক্ষতি কৰিব বুলি আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই কয়।ইফালে বিষয়টোৰ জটিলতা সৃষ্টি নকৰি ছাত্ৰ-ছাত্ৰীক ন্যায় দিব পৰাকৈ আসোঁৱাহ দূৰ কৰিবলৈ ছেবাক দাবী জনায় বৰুৱাই।তাৎপৰ্যপূৰ্ণ কথা এই  যে অহা ১৫মার্চৰ পৰা অনুষ্ঠিত হ’ব মেট্ৰিক-হাইমাদ্ৰাছা পৰীক্ষা।

Your Comments