৬৫.১৬% ভোটদান মাজুলীত; সোণোৱালৰ উত্তৰসুৰী কোন হ'ব ১০মাৰ্চত ফলাফল

A

নিউজ ডেস্ক:

বহু প্ৰত্যাশিত মাজুলী বিধানসভা সমষ্টি উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ শান্তি পূৰ্ণভাৱে সামৰণি ।তিনিগৰাকী প্ৰাৰ্থীৰ ভাগ্য মাজুলীৰ ভোটাৰ ৰাইজে বন্দী কৰিলে ইভিএমত।উল্লেখ্য যে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উত্তৰ সুৰীৰূপে মাজুলী জনতাই কাক আঁকোৱালি ল’ব সেইয়া ফলাফল ওলাব অহা ১০মার্চত।কটকটীয়া নিৰাপত্তাৰ লগতে শান্তিপূৰ্ণ পৰিৱেশত অনুষ্ঠিত ভোটদান আবেলি ৫ বজালৈ ৬৫.১৬শতাংশ সাব্যস্ত হয়।নিৰ্বাচন আয়োগে প্রকাশ কৰা মতে শান্তিপুৰ্ণ ভাৱে ২০৩টা ভোট কেন্দ্ৰত অনুষ্ঠিত হৈ যায় ভোটগ্ৰহণ।উল্লেখ্য যে  মাজুলী বিধানসভা   সমষ্টিত সৰ্বমুঠ ভোটাৰ আছিল ১ লাখ ৩৩ হাজাৰ ২৭৭ গৰাকী।সৰ্বমুঠ ভোটকেন্দ্ৰৰ ১৬৪টা মূল ভোট কেন্দ্ৰ আৰু ৩৯টা সহযোগী ভোটকেন্দ্ৰ।সমষ্টিটোত ৮১২গৰাকী নিৰ্বাচনী বিষয়া ভোটগ্ৰহনত নিয়োগ আছিল।
তাৎপৰ্যপূৰ্ণ কথা এই যে ,ভাৰতীয় জনতা পাৰ্টীৰ ভূৱন গাম, অসম জাতীয় পৰিষদৰ বিৰোধী উমৈহতীয়া প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰী আৰু বাওঁদল প্ৰাৰ্থী ভাইতি ৰিচাঙে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছে।

Your Comments