স্থায়ী নিযুক্তিৰ দাবীত জ্যোতিকেন্দ্ৰ শিক্ষাকর্মীৰ সংবাদমেল

A

নিউজ ডেস্ক:

'যোৱা ১৯ বছৰে কেৱল আশ্বাসতে সীমাবদ্ধ হৈ থাকিল সৰ্বশিক্ষা অধীনৰ ৰাজ্যৰ জ্যোতিকেন্দ্ৰ শিক্ষাকর্মীৰ প্ৰাপ্য।চৰকাৰ তথা শিক্ষা বিভাগক জনাইছো বিভিন্ন সময়ত আমাৰ প্ৰাপ্যৰ কথা ,কিন্তু শিক্ষা বিভাগে বাৰম্বাৰ আমাক বঞ্চনা কৰি থাকিল।আগন্তুক বাজেট অধিৱেশনতো যদি প্ৰাপ্য ফলাফল নাপাওঁ তেন্তে যিকোনো পৰিস্থিতিৰ মুখামুখী হ’ব লাগিব চৰকাৰ'- ৰাজ্যৰ শিক্ষা বিভাগলৈ শেষ সকিয়নী সদৌ অসম জ্যোতিকেন্দ্ৰ শিক্ষাকৰ্মী সন্থাৰ ।সৰ্বশিক্ষাৰ অধীনত ৰাজ্যৰ পদপথৰ শিশু, বিভিন্ন শ্ৰমিক শিশুক (৬-১৪বছৰ) আক্ষৰিক জ্ঞানেৰে আলোকিত কৰি আহিছে জ্যোতিকেন্দ্ৰ শিক্ষাকর্মীসকলে।কিন্তু আজি পৰ্যন্ত প্ৰাপ্য নাপালে এইসকল শিক্ষাকর্মীয়ে।নিয়মীয়া শিক্ষকৰ বাবে প্ৰয়োজনীয় সকলো যোগ্যতা আহৰণ কৰাৰ পাছতো শিক্ষকৰ পূৰ্ণ মৰ্যদা লাভ কৰা নাই এইসকল শিক্ষকে।উল্লেখ্য যে ,বৰ্তমান ৰাজ্যত ৫২৭টা জ্যোতিকেন্দ্ৰত ৮১৫গৰাকী শিক্ষাকর্মীয়ে ২৫হাজাৰ শিশুক শিক্ষা প্ৰদান কৰি আছে।যিসকল শিশু পদপথত বা কোনো ব্যক্তিৰ ঘৰত শ্ৰমিক হিচাপে নিয়োজিত হৈ আছে তেনে শিশুসকলক আক্ষৰিক জ্ঞান প্ৰদানেৰে জীৱন আলোকিত কৰিছে।কিন্তু দুখৰ কথা দুৰ্ভগীয়া শিশুসকলক জীৱন উজলাই  তোলা এইসকল শিক্ষাকর্মীৰ আজি জীৱন প্ৰায় অন্ধকাৰ হৈ পৰিছে।চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা বন্ধ হৈ আছে শিক্ষাকৰ্মীসকলৰ মজুৰী।গুৰুত্বপূৰ্ণ কথা যে শিক্ষাকর্মী সকলে মাহিলী মজুৰী লাভ কৰে ৬৫০০টকা। সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰি সন্থাৰ সভানেত্ৰী মুনমুন চেতিয়াই কয়-বর্তমানৰ মুখ্যমন্ত্ৰী গৰাকী শিক্ষামন্ত্ৰী হৈ থাকোতে পূৰ্ণ শিক্ষকৰূপে নিযুক্তি পাবলৈ দুবছৰীয়া প্ৰাথমিক শিক্ষকৰ যোগ্যতা পাঠ্যক্ৰম গ্ৰহণ কৰিবলৈ কৈছিল।সেই মৰ্মে সেইয়া সম্পূৰ্ন কৰিলোঁ ।পৰৱৰ্তী সময়ত বিশেষ শিক্ষকৰ যোগ্যতা নিৰূপক পৰীক্ষাতো অৱৰ্তীন।কিন্তু বিশেষ পৰীক্ষাত কোনো ধৰণৰ বিশেষ সুবিধা প্ৰদান নকৰিলে।
সৰ্বশিক্ষাৰ অধীনৰ জ্যোতিকেন্দ্ৰসমূহত ইউনিফৰ্মৰ পৰা আৰম্ভ কৰি মধ্যাহ্ন ভোজনৰ সকলো লাভ কৰিব লাগে কিন্তু সেইয়া শিক্ষাৰ্থীয়ে লাভ নকৰে।আনহে নালাগে বিনামূলীয়া পাঠ্যপুথিৰ পৰাও বঞ্চিত শিক্ষাৰ্থীসকল।পাঠ্যপুথিৰ অবিহনেই পাঠদান কৰাই পৰীক্ষাত বহিছে আমাৰ শিক্ষাৰ্থীয়ে- চেতিয়াই লগতে কয়।
আনহাতে অসমৰ চৰকাৰে এইসকল শিক্ষাকৰ্মীক পূৰ্ণ শিক্ষকৰূপে নিযুক্তি দিবলৈ ষ্টেনডিং এডুকেশ্বন কমিটিৰ প্ৰতিবেদনলৈ অপেক্ষা কৰিব লাগিব বুলি উল্লেখ কৰি আহিছিল।কমিটিয়ে পূৰ্ণ শিক্ষকৰূপে নিযুক্তি দিবলৈ বিভাগক পৰামৰ্শ দিছে ৷এতিয়া সেইয়া অহা বাজেট অধিৱেশনত কাৰ্যকৰি কৰিব লাগে বুলি সংবাদমেলত কয়।

Your Comments