
নিউজ ডেস্ক:
বহু প্ৰত্যাশিত মাজুলী উপ-নিৰ্বাচনৰ ভোটগ্ৰহণলৈ আৰু মাত্ৰ কেইটামান ঘণ্টা।ইতিমধ্যে নিৰ্বাচনী পুলিং বিষয়াসকল নিজ-নিজ ভোটকেন্দ্ৰলৈ ৰাওনা হৈছে।উল্লেখ্য যে , প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উত্তৰসুৰীৰূপে মাজুলী জনতাই কাক আঁকোৱালি লব সেইয়া সোমবাৰে বন্দী হ’ব ইভিএমত।কটকটীয়া নিৰাপত্তা-শান্তিপূৰ্ণ পৰিৱেশৰ মাজেৰে ভোটগ্ৰহণ অনুষ্ঠিত কৰাৰ বাবে মাজুলীত গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা।নিয়োগ কৰা হৈছে আৰক্ষীৰ লগতে অতিৰিক্ত অৰ্ধসামৰিক বাহিনী।স্বচ্ছ, নিকা আৰু সুৰক্ষিত উপ-নিৰ্বাচনৰ বাবে মাজুলীৰ স্পৰ্শকাতৰ ভোটকেন্দ্ৰসমূহত তীক্ষ্ণ নজৰ ৰখা হৈছে।উল্লেখ্য যে সৰ্বানন্দ সোণোৱালৰ উত্তৰসুৰী হিচাপে ৩ গৰাকী প্ৰাৰ্থীয়ে সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।নিৰ্বাচন আয়োগে অৱগত কৰা মৰ্মে সমষ্টিটোত সৰ্বমুঠ ভোটাৰ ১লাখ ৩৩হাজাৰ ২৭৭গৰাকী।২০৩টা কেন্দ্ৰত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ।ইয়াৰে ১৬৪টা মূল ভোটগ্ৰহণ কেন্দ্ৰ আৰু ৩৯টা সহযোগী ভোটকেন্দ্ৰ।গুৰুত্বপূৰ্ণ কথা যে ,সমষ্টিটোত ৮১২ গৰাকী বিষয়া ভোটগ্ৰহনত নিয়োগ কৰিছে।একেদৰে ২০৩টা বেলত ইউনিট, ২০৩টা ক’ন্ট্ৰল ইউনিট আৰু ২০৩টা ভিভিপিএটি মেচিন সাজু কৰিছে।লগতে প্ৰয়োজনত অতিৰিক্ত ইভিএম মজুত থকা বুলি নিৰ্বাচন আয়োগে জানিব দিছে।
ইফালে সমষ্টিটোত ৪০০ গৰাকী চাৰ্ভিছ ভোটাৰৰ লগতে ১৩৪০গৰাকী ৮০ ঊৰ্ধ ভোটাৰ আৰু ৪০০গৰাকী বিশেষ ভাৱে সক্ষম ভোটাৰ সমষ্টিটোত আছে।পুৱা ৮বজাৰ পৰা আৰম্ভ হ’ব ভোটগ্ৰহণ।
- Log in to post comments
- 13 views