
নিউজ ডেস্ক:
মাজুলীৰ এক বিশেষ ভাইৰেল দৃশ্যই আৱেগিক কৰিছে বিভিন্নজনক৷নিজ মাতৃ ঢুকোৱা এবছৰৰ মুৰত মাজুলীত পুনৰ এগৰাকী মাতৃক বিচাৰি পালে লুৰীণজ্যোতিয়ে।বিশেষ মাতৃ গৰাকী চুনু দাস।মাজুলীৰ দক্ষিণ কমলাবাৰী আলিমুৰত ঘৰ মাতৃ গৰাকীৰ।
উল্লেখ্য যে দুদিন পূৰ্বে লুৰীণজ্যোতি গগৈক নিজৰ পুত্ৰ বুলি অভিহিত কৰি পোষ্টাৰ লগাই থকা এটা ভিডিঅ’ ভাইৰেল হৈছিল চুনু দাসৰ৷সামাজিক মাধ্যমত বিয়পি পৰিছিল ভিডিঅ’তো।তাৰ পাছতেই মহিলা গৰাকীক বিচাৰি মাত লগাব গৈছিল এজেপি সভাপতি গগৈয়ে।মানুহগৰাকীয়ে নিজ পুত্ৰজ্ঞান কৰা গগৈক কাষত পাই আৱেগিক হৈ বুকুত সাৱটি লয়।বুকুত সাৱটি মাতৃ দাসে কয়-তোমাৰ মা নাই, আজিৰে পৰা ময়েই তোমাৰ মা৷ মোক মা বুলি মাতিবা৷
ইফালে মানুহগৰাকীৰ মাতৃ মমতা দেখি চকু চলচলীয়া হৈ পৰিল গগৈৰ ৷
চুনু দাসে পুত্ৰ লুৰিনৰ ভাল হোৱাৰ কামনাৰে মন্দিৰত পূজা আগবঢ়াম বুলি পূজা আগ কৰি থোৱা বুলিও কয় ।মাতৃৰ মৰমৰ চিনস্বৰূপে এটা কুচিয়া আগবঢ়ালে গগৈক ।
তাৎপৰ্যপূৰ্ণ কথা এই যে , মাতৃ গৰাকীৰ একমাত্ৰ সন্তান বহিঃৰাজ্যত থাকে।উল্লেখ্য যে লুৰিনজ্যোতি গগৈৰ মাতৃৰ ২০২১চনৰ ৩১ মার্চত দেহাৱসান ঘটিছিল।
- Log in to post comments
- 27 views