
নিউজ ডেস্ক:
কটকটীয়া নিৰাপত্তাৰ মাজেৰে ৰাজ্যত আৰম্ভ পৌৰসভা নিৰ্বাচনৰ ভোটগ্ৰহণ।পুৱা ৮বজাৰ পৰা ২৪খন জিলাৰ ৯৭৭টা ৱাৰ্ড সামৰি ৮০খন পৌৰসভাত অনুষ্ঠিত হৈছে নিৰ্বাচনৰ ভোটগ্ৰহন।নিৰ্বাচনত ৮০খন পৌৰসভাত মুঠ ২৫৩২জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰিছে।তাৰে বিজেপিৰ সৰ্বাধিক ৮২৫জন, কংগ্ৰেছৰ ৭০৬জন প্ৰাৰ্থী, অসম গণ পৰিষদৰ ২৪৩জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে।ইয়াৰ উপৰিও আছে অসম জাতীয় পৰিষদ, ৰাইজৰ দল, আম আদমী পাৰ্টী, বাওঁ দলসমূহ আদি।গুৰুত্বপূৰ্ণ কথা এই যে প্ৰথম বাৰৰ বাবে পৌৰসভা নিৰ্বাচনত ব্যৱহাৰ হৈছে ইলেকট্ৰনিক ভোটিং মেচিন বা ইভিএম।আনহাতে ২৪জিলাত মুঠ ভোটাৰৰ সংখ্যা হৈছে প্ৰায় ১৬.৭৩লাখ। পুৰুষ ভোটাৰৰ সংখ্যা প্ৰায় ৮,৩২,৩৪৮জন, মহিলাৰ ভোটাৰৰ সংখ্যা ৮,৪১,৫৩৪জন আৰু ১৭জন তৃতীয় লিংগৰ ভোটাৰ।
বিয়লি সামৰণি পৰিব লগা ভোটগ্ৰহণৰ ফলাফল অহা ৯মার্চত গণনা কৰা হ’ব।
- Log in to post comments
- 16 views