হোজাই জিলাৰ চাৰিখন পৌৰসভাৰ ৯২টা ভোট কেন্দ্র পৰ্যবেক্ষণ জিলা উপায়ুক্ত অনুপম চৌধুৰীৰ

A

নিউজ ডেস্ক:

 ৰাজ্যত কাইলৈ অনুষ্ঠিত হ’ব পৌৰ সভা নিৰ্বাচন।প্ৰস্তুতি সম্পূৰ্ণ কৰিছে প্ৰতিখন জিলাৰ প্ৰশাসনে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে হোজাই জিলা প্ৰশাসনেও প্ৰায় প্ৰস্তুতি সম্পূৰ্ণ কৰা পৰিলক্ষিত হৈছে । হোজাই জিলাৰ চাৰিখন পৌৰ সভা ক্ৰমে হোজাই, লংকা, লামডিং আৰু ডবকা পৌৰসভাৰ ৯২ টা ভোট কেন্দ্ৰত অনুষ্ঠিত হ’ব ভোট প্ৰদান প্ৰক্ৰিয়া । তাৰ বাবে ইতিমধ্যেই হোজাইৰ সদৰ শংকৰদেৱ নগৰৰ পৰা পুলিং প্ৰিজাইদিং বিষয়া সকলে কৰ্তব্যৰত ভোট কেন্দ্রলৈ EVM মেচিন সহ যাৱতীয় নথি-পত্ৰ লৈ নিজ নিজ ভোট কেন্দ্ৰত উপস্থিত হৈছে । জিলাখনৰ চাৰিখন পৌৰসভাৰ ভোট কেন্দ্ৰসমূহ আজি আবেলি হোজাই জিলাৰ উপায়ুক্ত অনুপম চৌধুৰী, নিৰ্বাচনৰ পৰ্যবেক্ষক ও আৰক্ষীৰ লোকে উপস্হিত হৈ পৰ্যবেক্ষণ কৰা পৰিলক্ষিত হৈছে। উল্লেখ্য যে , জিলাখনৰ ৯২ টা ভোট কেন্দ্ৰৰ ভিতৰত ১৩ টা ভোট কেন্দ্র স্পৰ্শকাতৰ (SENSITIVE)। তাৰ বাবে উক্ত ১৩ টা ভোটকেন্দ্রত আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেস্তনী গঢ়ি তোলা হৈছে বুলি মত ব্যক্ত কৰে উপায়ুক্ত গৰাকীয়ে। লগতে কয় যে কাইলৈ পুৱা ৮ বজাৰ পৰা ৪ বজালৈকে হ’ব লগা পৌৰসভা নিৰ্বাচন হোজাই জিলাত শান্তিপূর্ণ ভাবে হ’ব। 

 

Your Comments