মুখ্যমন্ত্ৰী হিমন্তৰ বিপদ; গৰুখুঁটি কাণ্ডত আদালতৰ গোচৰ পঞ্জীয়নৰ নিৰ্দেশ দিছপুৰ থানাক

A

নিউজ ডেস্ক:
ৰাজ্যৰ প্ৰভাৱশালী মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখত নতুন আইনী বিপদ৷দিছপুৰ থানাক গোচৰ পঞ্জীয়নৰ নিৰ্দেশ কামৰূপ মহকুমাৰ ন্যায়িক দণ্ডাধীশৰ।গৰুখুঁটিৰ ঘটনাক 'প্ৰতিশোধ' বুলি কোৱা প্ৰসংগত শৰ্মাৰ বিৰুদ্ধে গোচৰ ৰুজুৰ নিৰ্দেশ।উল্লেখ্য যে মুখ্যমন্ত্ৰীৰ মন্তব্যৰ বিৰুদ্ধে বৰপেটা সাংসদ আব্দুল খালেকে দিছপুৰ থানাত এক এজাহাৰ দাখিল কৰিছিল।কিন্তু সাংসদ গৰাকীৰ গোচৰ দিছপুৰ থানাই পঞ্জীয়ন কৰা নাছিল।ইয়াৰ পাছতেই দিছপুৰ থানাৰ বিৰুদ্ধে সাংসদ খালেক ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল।ন্যায়ালয়ত ১৫৯৮/২০২২ নম্বৰত অভিযোগ দাখিল কৰিছিল।শনিবাৰে মহকুমা ন্যায়িক দণ্ডাধীশ বিশ্বদীপ বৰুৱা আদালতে গোচৰটোৰ শুনানি গ্ৰহণ কৰে৷সাংসদ খালেকৰ হৈ আদালতত যুক্তি দৰ্শায় অধিবক্তা ছামিম আহমেদ বৰভূঞাই৷বিবাদী পক্ষৰ অধিবক্তাৰ যুক্তি শুনাৰ পিছত আদালতে মুখ্যমন্ত্ৰী শৰ্মাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ দিছপুৰ আৰক্ষীক নিৰ্দেশ দিয়ে৷
উল্লেখযোগ্য যে যোৱা মাহত মুখ্যমন্ত্ৰী শৰ্মাক আদালতে অন্য এটা গোচৰৰ বাবে জৰিমনা বিহিছিল৷

Your Comments