গুৱাহাটী পৌৰ নিগমৰ চুড়ান্ত ভোটাৰ তালিকা প্ৰকাশ; মুঠ ভোটাৰ ৯,৯৭,৮০৭জন

A

নিউজ ডেস্ক:

গুৱাহাটী পৌৰনিগমৰ নিৰ্বাচনলৈ সাজু হৈছে কামৰূপ মহানগৰ জিলা প্ৰশাসন।আগন্তুক নিগমৰ নিৰ্বাচনৰ বাবে চুড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰে প্ৰশাসনে।কামৰূপ(ম) জিলাৰ অতিৰিক্ত উপায়ুক্ত (নিৰ্বাচন) ড° ধ্ৰুৱজ্যোতি হাজৰিকা আৰু নিৰ্বাচন বিষয়া শেখৰণ ফুকনে শনিবাৰে উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এখন সংবাদমেলত আনুষ্ঠানিকভাৱে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ চুড়ান্ত ভোটাৰ তালিকাখন প্ৰকাশ কৰে।উল্লেখ্য যে খছৰা ভোটাৰ তালিকাতকৈ চুড়ান্ত  তালিকাত ২,১১২জন অধিক ভোটাৰৰ নাম অন্তৰ্ভুক্ত হৈছে।জিলাখনৰ মুঠ ৬০টা ৱাৰ্ডত অনুষ্ঠিত হ’বলগীয়া এই নিগমৰ নিৰ্বাচনৰ মুঠ ভোটাৰ সংখ্যা ৭,৯৭,৮০৭ জন।ইয়াৰে ৩,৯৭,১২৮জন পুৰুষ আৰু ৪,০০৬৫৪জন মহিলা ভোটাৰ আছে।একেদৰে ২৬জন তৃতীয় লিঙ্গৰ ভোটাৰ আছে জিলাখনত।ইফালে আগন্তুক নিগমৰ নিৰ্বাচন অনুষ্ঠিত হ’ব ৭৮০টা ভোটকেন্দ্ৰত।ইফালে সাধাৰণ ৰাইজৰ সুবিধাৰ্থে চুড়ান্ত ভোটাৰ তালিকা উপায়ুক্ত আৰু গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত কাৰ্যালয়ত উপলব্ধ হ’ব বুলিও সংবাদমেল জানিব দিয়ে।
গুৰুত্বপূৰ্ণ কথা এই যে,গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন এপ্ৰিল মাহত অনুষ্ঠিত হোৱাৰ কথা।বর্তমানলৈ ঘোষনা কৰা নাই নিৰ্বাচনৰ দিন।তাৎপৰ্যপূৰ্ণ কথা এই যে দীৰ্ঘদিন ধৰি অনুষ্ঠিত হোৱা নাই পৌৰ নিগমৰ নিৰ্বাচন।উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে সাজু হৈছে চৰকাৰ।

Your Comments