
নিউজ ডেস্ক:
ৰাছিয়াৰ ভয়াৱহ আক্ৰমণত ইউক্ৰেইনত আৱদ্ধ হৈ আছে গুৱাহাটীৰ এগৰাকী যুৱতী।মহানগৰীৰ হাটীগাঁৱৰ চুলতানা নীলিমা হুছেইন ইউক্ৰেইনৰ চুমিত আৱদ্ধ হৈ থকাৰ কথা অৱগত কৰিছে পৰিয়ালে।উল্লেখ্য যে ,চিকিৎসা বিজ্ঞানৰ পঞ্চম বৰ্ষত অধ্যয়নৰত গুৱাহাটীৰ নীলিমা।
পৰিয়ালে অৱগত কৰা মতে জীৱন ৰক্ষাৰ বাবে ছাত্ৰী গগৰাকীয়ে বাংকাৰত অনিদ্ৰা-অনাহাৰে দিন কটাইছে। উল্লেখ্য যে ,কেন্দ্ৰীয় বৈদেশিক মন্ত্ৰণালয়ে অধিকাংশ ছাত্ৰ- ছাত্ৰীক উদ্ধাৰ কৰিছে যদিও বৰ্তমানো বহু শিক্ষাৰ্থী ইউক্ৰেইনতে আৱদ্ধ হৈ আছে।ইফালে নীলিমাক উদ্ধাৰ কৰাৰ বাবে অসম চৰকাৰক আহ্বান জনাইছে পৰিয়ালে।
- Log in to post comments
- 18 views