নিৰ্বাচনী সভাত হিমন্তই ক’লে "মোৰ পত্নীৰ মাজুলীত মাটি ১বিঘা লোৱাৰ মন"; প্ৰত্যুত্তৰ অজিত কুমাৰ ভূঞাৰ

A

নিউজ ডেস্ক:

ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা পৰিয়ালৰ ভূমি কেলেংকাৰীৰ গুৰুতৰ অভিযোগৰ মাজতেই এইবাৰ মাজুলী উপ-নিৰ্বাচনৰ প্ৰচাৰ সভাত মুখ্যমন্ত্ৰী শৰ্মাই কলে "মোৰ পত্নীৰো মাজুলীত মাটি ১বিঘা লোৱাৰ মন আছে"।বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীয়ে বিজেপি প্ৰাৰ্থী ভুবন গামৰ এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ জনতাৰ দৃষ্টি আকৰ্ষণ কৰি কয়- মাজুলীৰ দলংখন হলে মাটি-বাৰীৰ দাম বাঢ়িব।মোৰ পত্নীয়েও মাজুলীত মাটি ১ বিঘা ল’ব পাৰি নেকি বুলি কৈছে।উল্লেখ্য যে , প্ৰাৰ্থী গামৰ হৈ দুদিনীয়া প্ৰচাৰ সভাত মুখ্যমন্ত্ৰীয়ে অংশগ্ৰহণ কৰিছে মাজুলীত।শুকুৰবাৰেও শৰ্মাই অংশ গ্ৰহণ কৰে বহুকেইখন প্ৰচাৰ সভাত।
ইফালে মুখ্যমন্ত্ৰী পত্নীৰ মাজুলীত মাটি কিনা বিষয়ত সাংসদ অজিত কুমাৰ ভূঞাই শুকুৰবাৰে কয়-কিমান আৰু তেওঁলোকক মাটি নালাগে।কি কৰিব ইমান মাটি লৈ।চৰকাৰী মাটি অধিগ্ৰহণ কৰা অভিযোগৰো কোনো তদন্ত নহল।এইবাৰ আকৌ মাজুলীত চকু পৰিছে।
আনহাতে মাজুলী বিজেপি প্ৰাৰ্থী ভূৱন গামক গাখীৰ দিয়া গৰু আখ্যা মুখ্যমন্ত্ৰীৰ।গামক ভোট দিলে দৈনিক ১৫লিটাৰকৈ গাখীৰ দিব বুলিও টুলুঙা মন্তৱ্য প্ৰচাৰ সভাত কৰা দেখা গৈছে ৷

Your Comments