শ্বেয়াৰ বজাৰত খহনীয়া অব্যাহত : তৃতীয় দিনত গ্ৰাহকৰ লোকচান ১৬৯.৪৫ লাখ কোটি

শ্বেয়াৰ বজাৰত খহনীয়া অব্যাহত : তৃতীয় দিনত গ্ৰাহকৰ লোকচান ১৬৯.৪৫ লাখ কোটি

ভাৰতীয় অৰ্থনীতিক লৈ কেন্দ্ৰৰ নৰেন্দ্ৰ মোডীৰ চৰকাৰ আত্মসন্তুষ্টিত ভুগি থকাৰ মাজতে ভাৰতৰ মূলধনী বজাৰত ভয়ংকৰ খহনীয়া অব্যাহত আছে ৷

বুধবাৰে একেৰাহে তৃতীয় দিনাও মুম্বাই শ্বেয়াৰ বজাৰৰ সূচক উদ্বেগজনকভাৱে নামি যায় ৷ বুধবাৰে ছেনছেক্স ১৬৯.৪৫ পইণ্ট নামি যায় ৷

ইতিপূৰ্বে সোমবাৰে ছেনছেক্স ৫০৫ পইণ্ট আৰু মঙলবাৰে ৩০০ পইণ্ট নামি গৈছিল ৷ বুধবাৰে ছেনছেক্স নামি হয়গৈ ৩৭,১২১.২২ পইণ্ট ৷

যোৱা দুটা মাহৰ ভিতৰত ছেনছেক্সৰ এয়াই সৰ্বনিম্ন হাৰ ৷

শ্বেয়াৰ বজাৰত তিনি দিন ধৰি অব্যাহত থকা পতনৰ ফলত বিনিয়োগকাৰী গ্ৰাহকসকলৰ লোকচানৰ পৰিমাণ হৈছেগৈ ৩.৬৫ লাখ কোটি টকা ৷

সোমবাৰৰ পৰা ছেনছেক্স মুঠ ২.৫ শতাংশ অৰ্থাৎ ৯৭০ পইণ্ট নামি গৈছে ৷
 

Your Comments