
নিউজ ডেস্ক:
বহু প্ৰত্যাশিত মাজুলীৰ উপ-নিৰ্বাচনৰ ভোটগ্ৰহণলৈ মাজত আৰু দুটা দিন বাকী।অহা ৭ মাৰ্চত অনুষ্ঠিত হ'বলগা ভোটগ্ৰহণৰ প্ৰচাৰ অভিযান সামৰণি পৰিব শনিবাৰে বিয়লি ৫বজাত।ভোটদানৰ ৪৮ঘণ্টা আগত সামৰণি পৰিব প্ৰচাৰ।ভাৰতীয় নিৰ্বাচন আয়োগে এই কথা প্রকাশ কৰিছে।উল্লেখ্য যে প্ৰচাৰ অভিযান সামৰণিৰ পাছত কোনো লোকে নিৰ্বাচনী প্ৰচাৰ সমন্ধীয় কোনো সভা, শোভাযাত্ৰা আদি অনুষ্ঠিত কৰিব নোৱাৰিব বা কোনো জনসমাগমত নিৰ্বাচনী প্ৰচাৰ চলাব নোৱাৰিব।একেদৰে টেলিভিছন, চিনেমেটোগ্ৰাফ বা অন্য কোনো মাধ্যমতো প্ৰচাৰত থাকিব নিষেধাজ্ঞা।ইয়াৰ উপৰিও ৰাজনৈতিক নেতা নিৰ্বাচন সম্পৰ্কীয় সংবাদমেল বা সাক্ষাৎকাৰ আদিতো জাৰি কৰিছে নিষেধাজ্ঞা।
উল্লেখ্য যে মাজুলীত শাসকীয় বিজেপি প্ৰাৰ্থীৰ বিৰুদ্ধে বিৰোধীয়ে অসম জাতীয় পৰিষদৰ উমৈহতীয়া প্ৰাৰ্থী থিয় কৰাইছে।ইতিমধ্যে শাসক-বিৰোধী দুইয়ো পক্ষই ব্যাপক প্ৰচাৰ অভিযান গঢ়ি তুলিছে মাজুলীত।
- Log in to post comments
- 11 views