ৰাজ্যত পুনৰ এনকাউণ্টাৰ; আলফা(স্বা)ৰ সদস্য ভৰ্তিত জড়িতৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা সুৰুজ গগৈ গুলিবিদ্ধ

A

নিউজ ডেস্ক:

ৰাজ্যত পুনৰ এনকাউণ্টাৰ।সোণাৰিত আৰক্ষীৰ গুলীত আহত সুৰজ গগৈ।শিৱসাগৰ বেতবাৰীৰ তামুলী বজাৰ চাংমাই গাঁৱৰ সূৰুজক আলফা(স্বা) সদস্য ভৰ্তিত জড়িত অভিযানত বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰিছিল।আছাম ৰাইফলছ আৰু আৰক্ষীয়ে সোণাৰি চেনীগুদাম অঞ্চলৰ পৰা আটক কৰা গগৈৰ বিৰুদ্ধে সোণাৰি থানাত ৪৭/২০২২ নম্বৰত এটা গোচৰ ৰুজু কৰি ভাৰতীয় দণ্ডবিধি আইনৰ 120/(B)/371 আৰু R/W section 18B(P)ৰ অধীনত সোধা-পোছা অব্যাহত ৰাখিছিল।

আনহাতে, নিশা সোণাৰি ৰজাপুখুৰীস্থিত চৰাইদেউ অসামৰিক চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা কৰি ঘূৰি আহোতে আন্ধাৰৰ সুযোগ লৈ আৰক্ষীৰ বেষ্টনীৰ পৰা পলায়ন কৰিবলৈ চেষ্টা কৰাত সুৰুজক গুলিবিদ্ধ কৰা বুলি জানিব দিয়ে আৰক্ষীয়ে।অভিযুক্ত সূৰুজৰ বাওঁ ভৰিত আৰক্ষীৰ গুলী লাগে।

Your Comments