অসমীয়া জাতীয় সত্বা ধ্বংসকাৰী হিমন্তৰ বিজেপিক মাজুলীবাসীয়ে নীতিশিক্ষা দিব- অজিত কুমাৰ ভূঞা

A

নিউজ ডেস্ক:

মাজুলী উপ-নিৰ্বাচনৰ বিজেপি বিৰোধী অসম জাতীয় পৰিষদৰ বিৰোধী উমৈহতীয়া প্ৰাৰ্থীলৈ মুকলি সমৰ্থন আঞ্চলিক গণ মৰ্চাৰ।সংস্কৃতিৱান মাজুলীবাসীয়ে জাতি বিৰোধী বিজেপি চৰকাৰক আগন্তুক নিৰ্বাচনত উচিত প্ৰত্যুত্তৰ দিব।এটা নতুন পুৱা আৰু উজ্জ্বল ভৱিষ্যতৰ দিশত অসমক লৈ যোৱা বাটত সংস্কৃতি আৰু সমাজৰ প্ৰকৃত প্ৰতিনিধি মাজুলীৰ জনতাই পৰিৱৰ্তনৰ নতুন দিগন্তৰ সূচনা কৰিব।মাজুলীৰ সংস্কৃতিৱান ৰাইজেই অসমক দেখুৱাব শ্বাসৰুদ্ধকৰ সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক পৰিৱেশৰ পৰা পৰিত্ৰাণৰ পথ"- এই মন্তৱ্য মৰ্চা সভাপতি তথা সাংসদ অজিত কুমাৰ ভূঞাৰ।অহা ৭মার্চত অনুষ্ঠিত হ’ব লগা মাজুলী উপ-নিৰ্বাচনত জাতি বিৰোধী বিজেপিৰ বিৰুদ্ধে বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰীক ভোট প্ৰদানৰ আহ্বান ভূঞাৰ।শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাবৰ এক সংবাদ মেলত সাংসদ গৰাকীয়ে কয়- মাজুলীৰ ভোটাৰ ৰাইজে শাসক দল বিজেপি চৰকাৰৰ আচল চৰিত্ৰ বুজি পাইছে বুলি মোৰ দৃঢ় বিশ্বাস।
আনহাতে উক্ত সংবাদমেলতে গুৱাহাটী ৰেলৱেৰ ৫৮বিঘা ভূমি বহিৰাগত বণিয়াক হস্তান্তৰ কৰা বিষয়টোত সৰৱ হৈ পৰে ৰাজ্যসভাৰ সাংসদ গৰাকী।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে দায়িত্বভাৰ লোৱাৰ পৰাই অসমীয়াৰ জাতীয় সত্বাৰ ভেঁটিটোকে ধ্বংস কৰিবলৈ দিনে নিশাই কাম কৰিছে।অসমীয়া ভাষা সংস্কৃতিৰ ওপৰত উপযুৰ্পৰি আক্ৰমনৰ পিছত এইবাৰ অসমীয়া মাটি-ভেটি নিলাম কৰি অন্য এক ভয়াৱহ আক্ৰমণ আৰম্ভ কৰিছে।যি সময়ত অসমৰ খিলঞ্জীয়া মানুহে এমুঠি মাটিৰ কাৰণে বছৰৰ পিছত বছৰ ধৰফৰাই ফুৰিছে তেনে সময়ত গুৱাহাটী বুকুৰ ৫৮বিঘা চৰকাৰী মাটি তিনিজন অনা-অসমীয়া ব্যৱসায়িক গতাই দিছে।চৰকাৰখনৰ বিগত কেইমাহৰ কাম-কাজৰ পৰা এটা কথা স্পষ্ট হৈছে অসমীয়াৰ জাতীয়তাবাদী সত্বাটোৰ 'কফিনত' শেষ গজালটো মাৰিবলৈ তেওঁলোক উদ্যত হোৱা বুলি উল্লেখ্য কৰি ভূঞাই মুখ্যমন্ত্ৰী আৰু বিজেপি চৰকাৰক সকীয়নী প্ৰদান কৰি কয়-  জুই লৈ খেলা নকৰিলেই মংগল।অতীতৰ বুৰঞ্জী লুটিয়াই চাই এনে ৰাজনৈতিক দম্ভালিৰ শেষ পৰিণতি কি হয়গৈ মুখ্যমন্ত্ৰী শৰ্মাই বুজি উঠা উচিত।
ইফালে কাছাৰ আৰু জাগীৰোড কাগজকলৰ ভৱিষ্যত প্ৰজন্মৰ বাবে হিমন্ত চৰকাৰৰ চুড়ান্ত বিশ্বাসঘাটকতাৰ প্ৰতীক আখ্যা দি ভূঞাই কয়- কল দুটাৰ মাটি আৰু যন্ত্রাঙশৰ মূল্য ইচ্ছাকৃতভাৱে কমাই চৰকাৰে 'শ্বাস'ৰ পুত্ৰৰ কোম্পানীৰ হাতত কেনেকৈ পানী দৰদ তুলিব পাৰি তাৰেই চেষ্টাত আজি ব্যস্ত।কাগজ কল দুটা বিক্ৰীৰ আঁৰত লুকাই আছে গভীৰ ৰহস্য।
সংবাদমেলত ভূঞাৰ উপৰিও উপস্থিত থাকে আঞ্চলিক গণ মৰ্চাৰ শীৰ্ষ নেতৃত্ব প্ৰণৱ চেতিয়া।

Your Comments