
নিউজ ডেস্ক:
মাজুলী উপ-নিৰ্বাচনৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰীৰ হৈ ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু অসম জাতীয় পৰিষদৰ সভাপতি লুৰিনজ্যোতি গগৈয়ে বুধবাৰে বহুকেইখন ৰাজহুৱা নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণৰ পাছত বৃহস্পতিবাৰে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী ভূৱন গামৰ হৈ প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।মুখ্যমন্ত্ৰী শৰ্মাই প্ৰায় ৫খনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি গামৰ হৈ প্ৰচাৰ চলায়।উল্লেখ্য যে ,মাজুলীৰ বিজেপি প্ৰাৰ্থী ভুবন গামক গাখীৰ দিয়া গৰু আখ্যা।গামক ভোট দিলে দৈনিক ১৫লিটাৰকৈ গাখীৰ লাভ কৰিব বুলিও শৰ্মাই কয়।ইফালে এজেপি প্ৰাৰ্থী গৰাকীক গাখীৰ নিদিয়া গৰুৰ সৈতে তুলনা মুখ্যমন্ত্ৰীৰ।উল্লেখ্য যে ৭মার্চত অনুষ্ঠিত হ’ব মাজুলী উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ।
আনহাতে, বুধবাৰে এজেপি প্ৰাৰ্থী চিত্তৰঞ্জন
বসুমতাৰীৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি বিজেপিক তীক্ষ্ণ সমালোচনা কৰে বিধায়ক অখিল গগৈয়ে।মাজুলীবাসী জনতাই চিত্তৰঞ্জনক জয়ী কৰি পঠিয়ালে বিধানসভাত মুখ্যমন্ত্ৰীক কঁপনি তুলি দিয়া হ’ব বুলি গগৈয়ে কয়।গামে মাজুলীবাসীৰ বাবে অহা উন্নয়নৰ পুঁজি দুৰ্নীতিৰ জৰিয়তে হৰলুকী কৰিছে।তেনে এজনক বিধায়ক হিচাপে জয়ী হলে মাজুলীৰ উন্নয়ন সম্ভৱ নহ’ব।লিখি দিয়া ভাষণ যদি পঢ়িব নাজানে বিধানসভাত কি মাত মাতিব বুলিও কয়- গগৈয়ে।
- Log in to post comments
- 13 views