বঙাইগাঁৱত ৰাষ্ট্ৰীয়কৃত বেংকৰ একত্ৰিকৰণৰ বিৰোধিতা 

বঙাইগাঁৱত ৰাষ্ট্ৰীয়কৃত বেংকৰ একত্ৰিকৰণৰ বিৰোধিতা 

কেন্দ্ৰীয় চৰকাৰে দেশৰ তিনিটাকৈ আগশাৰীৰ ৰাষ্ট্ৰীয়কৃত বেংক ক্ৰমে বিজয়া বেংক, বেংক অব্‌ বৰোদা আৰু দেনা বেংকক একত্ৰিকৰণৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰুদ্ধে মঙলবাৰে বঙাইগাঁৱত ইউনাইটেড ফ'ৰাম অব্‌ বেংক ইউনিয়নছৰ জিলা সমিতিয়ে বিয়লি ৫.১৫ বজাত এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে ৷

বঙাইগাঁও চহৰস্থিত ভাৰতীয় ষ্টেট বেংকৰ সন্মুখত ৰূপায়ণ কৰা বিক্ষোভ কাৰ্যসূচীত বিভিন্ন বেংক কৰ্মচাৰী সংগঠনে অংশগ্ৰহণ কৰে ৷ বিক্ষোভ কাৰ্যসূচীত অংশগ্ৰহণ কৰাসকলে কেন্দ্ৰীয় চৰকাৰে বেংকসমূহৰ মাজত একত্ৰিকৰণৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তক তীব্ৰ বিৰোধিতা কৰাৰ লগতে এই সিদ্ধান্ত বাতলিৰ বাবেও দাবী জনায় ৷

বঙাইগাঁৱত ৰাষ্ট্ৰীয়কৃত বেংকৰ একত্ৰিকৰণৰ বিৰোধিতা 

কাৰ্যসূচীত বিভিন্ন বেংক কৰ্মচাৰী সংগঠনৰ হৈ সঞ্জীৱ দেৱ, অজয় দাস, প্ৰসেনজিৎ গুহ, অনৰণ শৰ্মা, মুকুট বৰুৱাকে প্ৰমুখ্য কৰি বিভিন্নজনে চৰকাৰৰ সিদ্ধান্তৰ প্ৰতিবাদ জনোৱাৰ লগতে বেংকসমূহক একত্ৰিকৰণৰ সিদ্ধান্ত বাতিলৰ দাবী জনাই বক্তব্য ৰাখে ৷

ইপিনে ইউনাইটেড ফ'ৰাম অব্‌ বেংক ইউনিয়নছৰ জিলা সমিতিৰ তৰফৰ পৰা প্ৰেছ বিবৃতিযোগে জানিবলৈ দিয়া মতে, কেন্দ্ৰীয় মন্ত্ৰীসভাই কালি বিজয়া বেংক, বেংক অব্‌ বৰোদা আৰু দেনা বেংকক একত্ৰিকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

বঙাইগাঁৱত ৰাষ্ট্ৰীয়কৃত বেংকৰ একত্ৰিকৰণৰ বিৰোধিতা 

এই তিনি ৰাষ্ট্ৰীয়কৃত বেংকৰ একত্ৰিকৰণৰ সিদ্ধান্ত কাৰ্যকৰী কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা ল'বলৈ এই বেংককেইটাক চৰকাৰে ৬ মাহৰ সময়সীমা বান্ধি দিছে ৷ চৰকাৰে লোৱা বিভিন্ন সিদ্ধান্তৰ বাবে ইতিমধ্যে বেংক শিল্প সামগ্ৰিকভাৱে অভাৱনীয় ধৰণে ক্ষতিৰ সন্মুখীন হৈছে ৷

কিছুদিন আগতেই এক সিদ্ধান্তৰ যোগেদি ষ্টেট বেংকৰ সহযোগী বেংকবিলাকক ষ্টেট বেংকৰ লগত মিলাই দিয়াৰ পিছতো ষ্টেট বেংকৰ সাংঘাটিক ধৰণে কোনো উন্নতি হোৱা পৰিলক্ষিত হোৱা নাই ৷

বঙাইগাঁৱত ৰাষ্ট্ৰীয়কৃত বেংকৰ একত্ৰিকৰণৰ বিৰোধিতা 

বেংকৰ কৰ্মচাৰী আৰু বিষয়াসকলৰ সকলো সংগঠনৰ যৌথ মঞ্চৰ প্ৰৱল বিৰোধিতাক আওকাণ কৰি চৰকাৰে ৰাষ্ট্ৰীয়কৃত খণ্ডৰ বেংকবিলাকক একত্ৰিকৰণ কৰাৰ যি হঠকাৰী সিদ্ধান্ত লৈছে, তাৰ মাজেদি বেংকবিলাকক ধ্বংস কৰাৰ বাট মুকলি কৰি দিছে আৰু আনপিনে বেংকবিলাকক বেচৰকাৰীকৰণ কৰাৰ বাবে আৰু এখোজ আগবাঢ়িব বিচাৰিছে বুলিও জিলা সমিতিয়ে বিবৃতিটোত উল্লেখ কৰে ৷

বিবৃতিটোত ইউনিয়নছৰ জিলা সমিতিয়ে দেশী-বিদেশী বৃহৎ পুঁজিপতি-শিল্পপতিসকলৰ স্বাৰ্থৰ হকে আৰু জনস্বাৰ্থৰ বিৰুদ্ধে লোৱা এই চৰকাৰী সিদ্ধান্তক কঠোৰ ভাষাৰে গৰিহণা দিয়ে ৷

লগতে আগন্তুক দিনত ইয়াৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰাম গঢ়ি তুলিবলৈ সকলোকে আহ্বান জনায় ৷

Your Comments