শীঘ্ৰেই তিনিটা ৰাষ্ট্ৰীয় বেংকৰ সংযুক্তিকৰণ

শীঘ্ৰেই তিনিটা ৰাষ্ট্ৰীয় বেংকৰ সংযুক্তিকৰণ

দেশৰ আগশাৰীৰ তিনিটা ৰাষ্ট্ৰীয়কৃত বেংক যথাক্ৰমে দেনা বেংক, বিজয়া বেংক আৰু বেংক অব্‌ বৰোদাৰ সংযুক্তিকৰণ কৰা হ’ব ৷ এই সংযুক্তিকৰণৰ ফলত নতুন এই বেংক হ’ব ভাৰতৰ তৃতীয় বৃহত্তম বেংক ৷

কেন্দ্ৰীয় বিত্তমন্ত্ৰী অৰুণ জেটলিয়ে সোমবাৰে এই কথা ঘোষণা কৰে ৷ সংযুক্ত এই বেংকৰ মুঠ বাণিজ্যিক সম্পদৰ পৰিমাণ হ’ব ১৪.৮২ লাখ কোটি টকা ৷ উল্লেখ্য যে এই তিনিওটা বেংকৰ ভিতৰত দেনা বেংকৰ অৱস্থা আটাইতকৈ দুৰ্বল ৷

শীঘ্ৰেই তিনিটা ৰাষ্ট্ৰীয় বেংকৰ সংযুক্তিকৰণ

বৰ্তমান এই বেংক ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ‘প্ৰম্‌ট কৰেক্টিভ একচন’ (পি চি এ) ফ্ৰেমৱৰ্কৰ অধীনত পৰ্যবেক্ষণত আছে ৷ তদুপৰি, দেনা বেংকৰ পৰা গ্ৰাহকলৈ ঋণ দিয়া বন্ধ কৰি দিয়া হৈছে ৷

বিত্তমন্ত্ৰী জেটলীয়ে কালি কয়, চৰকাৰে দুৰ্বল বেংকসমূহক সংযুক্তকৰণ কৰিব বিচৰা নাছিল ৷ কিন্তু বেংকিং লেনদেন বঢ়াবলৈ দুটা অন্য শক্তিশালী বেংকৰ লগত এই দুৰ্বল বেংকক সংযুক্ত কৰাৰ সিদ্ধান্ত লোৱা হয় ৷

এই সংযুক্তকৰণক লৈ গ্ৰাহকসকলে আতংকিত হোৱাৰ কোনো কাৰণ নাই বুলিও তেওঁ জনায় ৷ লক্ষণীয় যে ৰাষ্ট্ৰীয়কৃত ভালেসংখ্যক বেংকৰ প্ৰধান সমস্যা হৈ পৰিছে অনুৎপাদশীল সম্পদক লৈ অনাদায়ী ঋণ ৷

শীঘ্ৰেই তিনিটা ৰাষ্ট্ৰীয় বেংকৰ সংযুক্তিকৰণ

বৃহৎসংখ্যক কৰ্প'ৰেট প্ৰতিষ্ঠানে ৰাষ্ট্ৰীয়কৃত বেংকসমূহৰ পৰা লক্ষ লক্ষ কোটি টকা ঋণ লৈ পৰিশোধ কৰা নাই ৷ বৰ্তমান নৰেন্দ্ৰ মোডী চৰকাৰৰ কাৰ্যকালত এই অনাদায়ী ঋণৰ পৰিমাণ বাঢ়ি ১২ লাখ কোটি টকাৰো অধিক হৈছে ৷

প্ৰাপ্ত তথ্যমতে, দেনা বেংকৰ অনুৎপাদনশীল সম্পদ বেংকৰ মুঠ সম্পদৰ ১১.৩৪ শতাংশ ৷ আনহাতে, বেংক অব্‌ বৰোদাৰ অনুৎপাদনশীল সম্পদৰ পৰিমাণ ৪.১০ শতাংশ ৷ তিনিওটা বেংকৰ সংযুক্তিকৰণৰ পিছত বেংকৰ মুঠ শাখাৰ সংখ্যা হ’বগৈ ৯,৪৮৯টা ৷

শীঘ্ৰেই তিনিটা ৰাষ্ট্ৰীয় বেংকৰ সংযুক্তিকৰণ

এইখিনিতে উল্লেখ্য কৰিব পাৰি যে দেনা বেংকৰ উপৰি ৰিজাৰ্ভ বেংকৰ প্ৰম্‌ট কৰেক্টিভ একচন ফ্ৰেমৱৰ্কৰ পৰ্যবেক্ষণত থকা অন্যান্য বেংকবিলাক হৈছে আই ডি বি আই বেংক, বেংক অব্‌ ইণ্ডিয়া, ইউকো বেংক, চেণ্ট্ৰেল বেংক অব্‌ ইণ্ডিয়া, ইণ্ডিয়ান অ’ভাৰছিজ বেংক, অ'ৰিয়েণ্টেল বেংক অব্‌ কমাৰ্চ, বেংক অব্‌ মহাৰাষ্ট্ৰ, ইউনাইটেড বেংক অব্‌ ইণ্ডিয়া, কৰ্পৰেচন বেংক আৰু এলাহাবাদ বেংক ৷

শীঘ্ৰেই তিনিটা ৰাষ্ট্ৰীয় বেংকৰ সংযুক্তিকৰণ

চলিত বছৰৰ এপ্ৰিল মাহত ভাৰতীয় ষ্টেট বেংকৰ পাঁচটা সহযোগী বেংক আৰু ভাৰতীয় মহিলা বেংকক ষ্টেট বেংকৰ সৈতে সংযুক্ত কৰা হৈছে ৷ ইয়াৰ পূৰ্বে আনাদায়ী ঋণৰ বাবে সংকটৰ সন্মুখীন হোৱা ৰাষ্ট্ৰীয়কৃত বেংকসমূহলৈ যোৱা জানুৱাৰী মাহত চলিত বিত্তীয় বৰ্ষৰ ভিৰতৰতে ৮৮,১৩৯ কোটি টকা মূলধন যোগান দিয়া হ’ব বুলি কেন্দ্ৰীয় বিত্ত মন্ত্ৰণালয়ে ঘোষণা কৰিছিল ৷

বৰ্তমান দেশৰ তিনিটা বৃহত্তম বেংকৰ ভিতৰত একমাত্ৰ ৰাষ্ট্ৰীয়কৃত বেংকটো হৈছে ভাৰতীয় ষ্টেট বেংক ৷ বাকী দুটা বৃহত্তম বেংক হৈছে এইচ ডি এফ চি বেংক আৰু আই চি আই চি আই বেংক ৷
    
 

Your Comments