ৰাজ্যৰ অসামৰিক সন্মান অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা কোনে কোনে পালে পঢ়ক

A

নিউজ ডেস্ক:


ৰাজ্য চৰকাৰৰ অসামৰিক বঁটা ঘোষণা।প্ৰথমবাৰৰ বাবে অসম চৰকাৰে প্ৰদান কৰিব অসামৰিক বঁটা।অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা প্ৰাপকৰ নাম আজি সংবাদমেলৰ জৰিয়তে ঘোষণা কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।ব্যক্তিগত প্ৰতিভাই সমাজত উজলাই তোলা ব্যক্তিৰ বাবে আগবঢ়াব অসামৰিক বঁটা।জনতা ভৱনত সম্বোধন কৰা এক সংবাদমেলত এই কথা অনুষ্ঠানিক ভাৱে ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে।

ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম বৈভৱ বঁটা উদ্যোগপতি ৰতন টাটাক প্ৰদান কৰিব।বঁটাত আছে ৫ লাখ টকা আৰু চিকিৎসাৰ সম্পূৰ্ণ দায়িত্ব ৰাজ্য চৰকাৰে বহন কৰিব।
 
অসম সৌৰভ বঁটা পাঁচ গৰাকীক প্ৰদান কৰিব।বঁটাত আছে ৪লাখ টকা আৰু বছৰি ৩ লাখ টকালৈ চিকিৎসা ব্যয়।বঁটাৰ বাবে নিৰ্বাচন হৈছে- কমলেন্দু দেৱ কৈৰী কটন কলেজৰ প্ৰাক্তন অধ্যক্ষ, ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন অসমৰ সঞ্চালক ডঃলক্ষ্মণন এছ, ডঃ দীপক জৈন, অলিম্পিয়ান লাভলীনা বৰগোঁহাই,  চিত্ৰশিল্পী নীলপৱন বৰুৱা।উল্লেখ্য যে প্রতি বছৰে এই বঁটা ৩জনক প্ৰদান কৰিব কিন্তু চলিত বৰ্ষত ৫জন এই বঁটাৰ বাবে নিৰ্বাচিত হৈছে- মুখ্যমন্ত্ৰী শৰ্মাই কয়।

ইয়াৰ উপৰিও অসম গৌৰৱ বঁটা ১৫জন ব্যক্তিক প্ৰতি বছৰে প্ৰদান কৰিব কিন্তু চলিত বৰ্ষত এই বঁটাৰ বাবে নিৰ্বাচিত হৈছে ১৩জন।বঁটাৰ বাবে নিৰ্বাচিত মুনিন্দ্ৰ নাথ,  ডাঃ বসন্ত হাজৰিকা, আকাশ জ্যোতি গগৈ, মনোজ কুমাৰ বসুমতাৰী, খৰসিং তেৰঙ, ববী হাজৰিকা, হেমপ্ৰভা চুতীয়া, নমিতা কলিতা, বৰ্মিতা মমিন, ধৰণীধৰ বড়ো, কৌশিল বৰুৱা, কল্পনা বড়ো, ডাঃ আছিফ ইকবাল।উল্লেখ্য যে ,এই বঁটাত আছে ৩লাখ টকা আৰু বছৰি ৩ লাখ টকাৰ পৰ্যন্ত চিকিৎসা ব্যয়।

ইয়াৰ উপৰিও অসামৰিক বঁটা প্ৰাপকসকলে দেশৰ যিকোনো প্ৰান্তত অসম ভৱনত থকা মেলা সম্পূৰ্ন বিনামূলীয়া।ৰাজ্য চৰকাৰৰ  প্ৰতিটো কাৰ্যসূচীলৈ নিমন্ত্ৰণ প্ৰদান কৰাৰ লগতে স্বাধীনতা দিৱস আৰু গণৰাজ্য দিৱস কাৰ্যসূচীত বিশেষ আসনৰ ব্যৱস্থা থাকিব- শৰ্মাই কয় ।
বৰ অসমৰ ভেঁটি নিৰ্মাতা চাও লুং চুকাফাৰ সোঁৱৰণত অসম দিৱসৰ দিনা প্ৰদান কৰিব এই বঁটা।কিন্তু চলিত বৰ্ষৰ বঁটা অহা ২৪জানুৱাৰীত প্ৰদান কৰিব।

গুৰুত্বপূৰ্ণ কথা এই যে, বঁটাৰ বাবে নিৰ্বাচিত ব্যক্তিসকলক বিষয়া আৰু মন্ত্ৰীৰ পৰ্যায়ৰ দুখন কমিটিয়ে নিৰ্বাচন কৰে।

জনতা ভৱনৰ সংবাদমেলত ডঃ শৰ্মাই উল্লেখ কৰা মতে অসম বৈভৱ বঁটা প্ৰতীক হলং গছৰ পাতৰ ওপৰত অসমীয়া জাপি, অসম সৌৰভত শৰাই আৰু অসম গৌৰৱত গায়ন-বায়নৰ প্ৰতীকপদ  থাকিব।

Your Comments