শ্বেয়াৰ বজাৰত পুনৰ ভয়ংকৰ খহনীয়া : ছেনছেক্স কমিল ৫০৫ পইণ্ট

শ্বেয়াৰ বজাৰত পুনৰ ভয়ংকৰ খহনীয়া : ছেনছেক্স কমিল ৫০৫ পইণ্ট

ভাৰতীয় শ্বেয়াৰ বজাৰত আকৌ ভয়ংকৰ খহনীয়া ৷ সোমবাৰে একেদিনাই মুম্বাই শ্বেয়াৰ বজাৰৰ সূচক ৫০৫ পইণ্ট নামি যায় ৷

ছেনছেক্স নামি গৈ ৩৮,০০০ পইণ্ট হয়গৈ ৷ মাত্ৰ তিনিদিন পূৰ্বে কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰে হোৱা এক বৈঠকত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰতীয় অৰ্থনৈতিক অৱস্থাক লৈ সন্তোষ প্ৰকাশ কৰাৰ পিছতেই শ্বেয়াৰ বজাৰত এই ভয়ংকৰ বিপৰ্যয় নামি আহে ৷

কেৱল সেয়াই নহয়, ছেনছেক্সৰ এই পতনৰ ফলত সোমবাৰে একেদিনাই মুম্বাই শ্বেয়াৰ বজাৰৰ তালিকাভুক্ত কোম্পানীবিলাকৰ ১,১৪,৬৭৬ কোটি টকা লোকচান হয় ৷

শ্বেয়াৰ বজাৰত পুনৰ ভয়ংকৰ খহনীয়া : ছেনছেক্স কমিল ৫০৫ পইণ্ট

যোৱা সপ্তাহৰ অন্তিম ভাগত মাৰ্কিন ডলাৰৰ বিপৰীয়ে ভাৰতীয় টকাৰ মূল্য কিছু স্থিৰ হৈছিল যিদও সোমবাৰে মূলধনী বজাৰত এই বিপৰ্যয়ৰ পিছত পুনৰ টকাৰ মূল্য হ্ৰাস পায় ৷ প্ৰতি ডলাৰৰ বিপৰীতে ভাৰতীয় মু্দ্ৰাৰ বিনিময় হাৰ হয়গৈ ৭২.৬৯ টকা ৷

উল্লেখ্য যে যোৱা শুকুৰবাৰে ক্ৰমাগতভাৱে ভাৰতীয় মুদ্ৰাৰ পতনৰ পৰিপ্ৰেক্ষিতত বিত্তমন্ত্ৰী অৰুণ জেটলি আৰু বিত্ত মন্ত্ৰালয়ৰ শীৰ্ষ বিষয়াসকলৰ সৈতে এক জৰুৰী বৈঠকত মিলিত হৈছিল ৷

শ্বেয়াৰ বজাৰত পুনৰ ভয়ংকৰ খহনীয়া : ছেনছেক্স কমিল ৫০৫ পইণ্ট

উক্ত বৈঠকত শ্বেয়াৰ বজাৰত খহনীয়া আৰু ভাৰতীয় মুদ্ৰাৰ মুল্য হ্ৰাস ৰোধ কৰাৰ বাবে জৰুৰী ভিত্তিত কেতবোৰ ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত লোৱা হৈছিল ৷ তদুপৰি, মূলধনী সামগ্ৰী আমদানি অব্যাহত ৰখাৰ লগতে দেশৰ ৰাজকোষ ঘাটিৰ হাৰ ৩.৩ শতাংশত স্থিৰ ৰখাৰ সিদ্ধান্ত লোৱা হৈছিল ৷

তাৎপৰ্যপূৰ্ণ যে সাম্প্ৰতিক দিনবোৰত ভাৰতীয় অৰ্থনীতিলৈ ভংয়কৰ সংকট নামি অহা সত্ত্বেও শুকুৰবাৰে বৈঠকত প্ৰধান মন্ত্ৰী মোডীয়ে অৰ্থনীতিৰ অৱস্থাক লৈ সন্তোষ প্ৰকাশ কৰিছে ৷

শ্বেয়াৰ বজাৰত পুনৰ ভয়ংকৰ খহনীয়া : ছেনছেক্স কমিল ৫০৫ পইণ্ট

কিন্তু প্ৰধান মন্ত্ৰীৰ এই ধৰণৰ সন্তুষ্টিৰ সমান্তৰালভাৱে ভাৰতীয় মূলধনী বজাৰত বিপৰ্যয় অব্যাহত আছে ৷

সোমবাৰে মুম্বাই শ্বেয়াৰ বজাৰৰ উপৰি নেচনেল ষ্টক এক্সজেঞ্জৰ সূচক নিফটিৰ হাৰো ১৩৭ পইণ্ট নামি গৈ ১১,৪০০ পইণ্ট হয়গৈ ৷

Your Comments