জে এন ইউত এবিভিপিৰ শোচনীয় পৰাজয়

aa

গাৰ বল, গুণ্ডামি আৰু বেলট বাকচ কাঢ়ি লোৱাৰ চেষ্টা কৰি দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত লজ্জাজনকভাৱে মুখ থেকেচা খালে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ স্বীকৃত ছাত্ৰ সংগঠন অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে ৷ এই নিৰ্বাচনত বাওঁপন্থী ছাত্ৰ সংগঠনবিলাকৰ মহাজোঁট ছাত্ৰ একতা সভাৰ চাৰিখন আসনৰ আটাইকেইখন বিপুল ভোটৰ ব্যৱধানত জয়লাভ কৰিছে ৷ অল ইণ্ডিয়া ষ্টুডেণ্টছ এছ’চিয়েচন, ডেমোক্ৰেটিক ষ্টুডেণ্টছ ফেডাৰেচনৰ মহাজোঁটৰ চাৰিজন প্ৰাৰ্থীয়ে প্ৰতিবাৰৰ দৰে এইবাৰো সংঘ পৰিয়ালৰ ছাত্ৰ সংগঠন এবিভিপিক শোচনীয়ভাৱে পৰাস্ত কৰি ছাত্ৰ একতা সভাৰ (জৱাহৰলাল নেহৰু ইউনিভাছিটী ষ্টুডেণ্টছ ইউনিয়ন-জে এন ইউ এছ ইউ)-ৰ চাৰিখন আসনেই দখল কৰি লয় ৷

অল ইণ্ডিয়া ষ্টুডেণ্টছ ফেডাৰেচনৰ প্ৰাৰ্থী এন চাই বালাজিয়ে ছাত্ৰ একতা সভাৰ সভাপতি পদত এবিভিপিৰ প্ৰাৰ্থী ললিত পাণ্ডেক ১১৭৯টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে৷ বালাজিয়ে লাভ কৰে ২১৬১টা ভোট আৰু ইয়াৰ বিপৰীতে এবিভিপি-ৰ প্ৰাৰ্থীয়ে লাভ কৰে মাত্ৰ ৯৮২টা ভোট ৷ আনহাতে, উপ-সভাপতি পদত ডেমোক্ৰেটিক ষ্টুডেণ্ট ফেডাৰেচন অৱ ইণ্ডিয়াৰ প্ৰাৰ্থী আইজাজ আহমেদ ৰাখেৰে সাধাৰণ সম্পাদকৰ পদত ১৩০০ ভোটৰ ব্যৱধানত বিজয়ী হয় ৷ যুটীয়া সম্পাদকৰ পদত অল ইণ্ডিয়া ষ্টুডেণ্টছ ফেডাৰেচনৰ প্ৰাৰ্থী আমুথা জয়দ্বীপে এবিভিপি-ৰ ভেংকেট চৌবেক ৮০০ ভোটৰ ব্যৱধানত পৰাস্ত কৰে ৷

aa

উল্লেখ্য যে যোৱা শুকুৰবাৰে ছাত্ৰ একতা সভাৰ নিৰ্বাচন অনুষ্ঠিত হয় ৷ পাঁচ হেজাৰৰো অধিক ছাত্ৰই ভোটধিকাৰ সাব্যস্ত কৰে ৷ অন্যান্য বছৰৰ তুলনাত এইবাৰ অধিক হাৰত ছাত্ৰ-ছাত্ৰীয়ে ভোটদান কৰে ৷ পৰাজয় নিশ্চিত বুলি জনাৰ পিছত এবিভিপিৰ এদল সদস্যই বেলট বাকচ কাঢ়ি লৈ যোৱাৰ ব্যৰ্থ চেষ্টা চলায় ৷ কেৱল সেয়াই নহয়, তেওঁলোকে বাওঁপন্থী ছাত্ৰ নেতাসকলক শাৰীৰিকভাৱেও আক্ৰমণ কৰে ৷ ফলত ভোট গণনা সাময়িকভাৱে বন্ধ ৰখা হয় ৷ শনিবাৰে গোটেই দিনটো ছাত্ৰ একতা সভাৰ নিৰ্বাচনক লৈ উত্তেজনা অব্যাহত থাকে ৷ শনিবাৰে বিয়লি চাৰিমান বজাত এবিভিপি আৰু আৰ এছ এছৰ এদল সদস্যই বাওঁ ছাত্ৰ সংগঠনৰ সদস্য দীনেশক মূৰত আঘাত কৰে ৷

আনহাতে, শনিবাৰেই সন্ধিয়া ৬.৩০ বজাত ছাত্ৰ একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক শতৰূপা চক্ৰৱৰ্তীক এবিভিপিৰ মুখা পিন্ধা এদল গুণ্ডাই গাড়ীৰে আহি শাৰীৰিকভাৱে প্ৰহাৰ কৰে ৷ এবিভিপিৰ গুণ্ডা বাহিনীৰ আক্ৰমণৰ বিৰুদ্ধে থানাত গোচৰ ৰুজু কৰি উভতি অহাৰ সময়তেই শতৰূপা চক্ৰৱৰ্তীক আক্ৰমণ চলোৱা হয় ৷ এই আক্ৰমণৰ ফলত তেওঁ আহত হয় ৷

ইতিমধ্যে বিশ্ববিদ্যালয়ৰ (জে এন ইউ) ১২ ছাত্ৰ সংগঠনে শনিবাৰে এক যুটীয়া বিবৃতিত এবিভিপিৰ দ্বাৰা নিৰ্বাচনী প্ৰক্ৰিয়াত বাধা দান, বেলট বাকচ কাঢ়ি নিয়াৰ প্ৰচেষ্টা আৰু গুণ্ডামি তথা বাওঁ ছাত্ৰ সংগঠনৰ সদস্যসকলক শাৰীৰিকভাৱে আক্ৰমণ কৰাৰ ঘটনাক চোকা ভাষাৰে গৰিহণা দিয়ে৷ প্ৰাপ্ত বাতৰি মতে, শনিবাৰে এবিভিপিৰ গুণ্ডা বাহিনীয়ে জে এন ইউৰ এজন ছাত্ৰক অপহৰণৰো চেষ্টা চলোৱাত কেম্পাছত আৰক্ষী উপস্থিত হ’বলগীয়া হয় ৷ পিছত দেওবাৰে ভোট গণনা সম্পন্ন কৰা হয় ৷
 

Your Comments