ৰোহিত শৰ্মাৰ নেতৃত্বত প্ৰথমখন টি-২০ত জয়ী ভাৰত

A

নিউজ ডেস্ক:

ৰোহিত শৰ্মাৰ নেতৃত্বত নিউজিলেণ্ডৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ প্ৰথমখন খেলত জয়ী ভাৰত।পাঁচ উইকেটত জয় লাভ ভাৰতীয় দলটোৰ।

জয়পুৰত অনুষ্ঠিত হোৱা শৃংখলা প্ৰথমখন খেলত টছত জয়ী হৈ ভাৰতীয় দলটোৱে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়।নিউজিলেণ্ডে ছয় উইকেটৰ বিনিময়ত সমগ্ৰ কৰে ১৬৪ৰাণ।মাৰ্টিন গোপটিলে ৭০ ৰাণ, মাৰ্ক চাপমেনে ৬৩ৰাণ কৰে।ভাৰতৰ হৈ বলিঙত ভুৱনেশ্বৰ কুমাৰে দুটা উইকেট দখল কৰে।প্ৰত্যুত্তৰ ভাৰতীয় দলটোৱে ১৯.৪ অভাৰত পাঁচ উইকেট হেৰুৱাই ১৬৬ ৰাণৰ লক্ষ্যত উপনীত হয়।ভাৰতৰ হৈ সূৰিয়কুমাৰ যাদৱ ৬৪ ৰাণ, ৰোহিত শৰ্মাই ৪৮ৰাণ কৰে।

উল্লেখ্য যে ৰোহিত শৰ্মাই নেতৃত্বত এইখন প্ৰথমখন টি-২০।যোৱা টি- ২০ বিশ্বকাপত গ্রুপ পৰ্যায় খেলত পৰাজিত পাছতে টি-২০ দায়িত্ব এৰিছিল বিৰাট কোহলীয়ে।

নিউজিলেণ্ডৰ বিৰুদ্ধে তিনিখনীয়া টি-২০ শৃংখলাত অৱৰ্তীন হ'ব ভাৰতীয় দলটোৱে।

Your Comments