টি-২০ বিশ্বকাপৰ ফাইনেল খেলাৰ স্বপ্ন ভংগ পাকিস্তানৰ: ৫উইকেটত জয়ী অষ্ট্ৰেলিয়া

A

নিউজ ডেস্ক:

ডুবাইত অনুষ্ঠিত টি-২০ বিশ্বকাপৰ ফাইনেলৰ স্বপ্ন ভংগ পাকিস্তানৰ।বৃহস্পতিবাৰে অনুষ্ঠিত দ্বিতীয়খন হাইভল্টেজ ছেমিফাইনেলত শক্তিশালী অষ্ট্ৰেলিয়াৰ হাতত ৫উইকেটত পৰাস্ত হয় পাকিস্তান।ৰোমাঞ্চকপূৰ্ণ খেলখনত টছত জয়ী হৈ অষ্ট্ৰেলিয়া দলটোৱে পাকিস্তানক বেটিঙৰ বাবে আমন্ত্ৰণ জনায়।প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত ২০ অভাৰত ৪ উইকেটৰ বিনিময়ত মহম্মদ ৰিজৱান ৬৭ আৰু ফখৰ জামানৰ ৫৫ৰাণৰ বিস্ফোৰক অৰ্ধ শতকীয় ইনিংছে পাকিস্তানে ১৭৭ ৰাণৰ লক্ষ্য বান্ধি দিয়ে অষ্ট্ৰেলিয়াক।প্ৰত্যুত্তৰত ৫টা উইকেট হেৰুৱাই ১৯অভাৰত জয় সাব্যস্ত কৰে অষ্ট্ৰেলিয়াই।

উল্লেখ্য যে অহা ১৪ নৱেম্বৰত টি-২০ বিশ্বকাপৰ ফাইনেল নিউজিলেণ্ড  অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ'ব।

Your Comments