World Boxing Championship: তুৰস্কত লাভলিনাৰ বিশ্ব বক্সিং তিনি মাহৰ বাবে স্থগিত

A


নিউজ ডেস্ক:
কৰোনা মহামাৰীৰ বাবে স্থগিত ৰখা হ'ল মহিলাৰ বিশ্ব বক্সিং চেম্পিয়নশ্বিপ। অলিম্পিক পদকজয়ী লাভলিনা বৰগোহাঁইৰ তুৰস্কৰ ইস্তানবুলত অহা ৪ ৰ পৰা ১৮ ডিচেম্বৰ পর্যন্ত এখন প্রতিযোগিতা হোৱাৰ কথা আছিল ।কিন্তু ক'ভিডৰ বাবে তিনি মাহ স্থগিত কৰা হৈছে প্রতিযোগিতাখন । পৰবৰ্তী সময়ত প্রতিযোগিতাৰ দিন ঠিক কৰা হ'ব বুলি জানিবলৈ দিছে।
আন্তর্জাতিক বক্সিং সংস্থাৰ সভাপতি উমৰ ক্রেমলেভে জানিবলৈ দিয়া মতে " মহিলাৰ বিশ্ব চেম্পিয়নশ্বিপ ২০২২ চনৰ মার্চ মাহ পর্যন্ত স্থগিত কৰা হৈছে। আমি জানো যে বহুতো দেশে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছিল।কিন্তু প্ৰতিযোগী সকলৰ সুৰক্ষাৰ কথা চিন্তা কৰিহে এই সিদ্ধান্ত লোৱা হৈছে ।"

Your Comments