ইংলেণ্ডক পৰাস্তৰে টি-২০ বিশ্বকাপৰ ফাইনেলত নিউজিলেণ্ড:অষ্ট্ৰেলিয়া-পাকিস্তানৰ মাজত দ্বিতীয়খন ছেমিফাইনে আজি

A

নিউজ ডেস্ক:

ডুবাইত অনুষ্ঠিত হৈ থকা টি-২০ বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ নিউজিলেণ্ডৰ।বুধবাৰে ইংলেণ্ডক ছেমিফাইনেলত ৫উইকেটত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰে কেন উইলিয়ামচন নেতৃত্বাধীন দল টোৱে।উল্লেখ্য যে নিউজিলেণ্ডৰ এই জয়ে টি-২০ বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰা প্ৰথমটো দল।

চেমিফাইনেল খেলখনত টছত জয়ী হৈ নিউজিলেণ্ড দলটোৱে বলিঙৰ সিদ্ধান্ত লয়।ইংলেণ্ড দলটোৱে নিৰ্ধাৰিত ২০অভাৰত ৪উইকেটৰ বিনিময়ত ১৬৫ৰাণ লক্ষ্য বান্ধি দিয়ে।ইংলেণ্ডৰ হৈ মইন আলিয়ে দললৈ সৰ্বাধিক ৫১ৰাণৰ বৰঙণি আগবঢ়ায়।লক্ষ্য অনুসৰণ কৰি নিউজিলেণ্ডে ১৯ অভাৰত ৫ উইকেটৰ বিনিময়ত জয়ী হয়।

আনহাতে আজি দ্বিতীয়খন দ্বিতীয়  ছেমিফাইনেলত অৱৰ্তীন হ'ব অষ্ট্ৰেলিয়া আৰু পাকিস্তান।খেল খনত জয়ী হোৱা দলটোৱে নিউজিলেণ্ডৰ লগত ফাইনেলত মুখা-মুখী হ'ব।

Your Comments