ডিফু ৰিজাৰ্ভ পুলিচ চাওঁনীত কৰ্তব্যৰত অৱস্থাত থকা এজন আৰক্ষী জোৱানৰ দেৰমাহ ধৰি নাই কোনো সন্ধান পোৱা নাই । চকুলোৰ বন্যা বৈছে নগাঁৱৰ তুলসীমুখত ।
এহাল বৃদ্ধ দম্পত্তিৰ চকুত চকুলো । চকুলো নিগৰিছে এগৰাকী অসহায় মহিলাৰ দুচকুৰে । কান্দিছে এজনী কণমানিয়ে । কান্দিছে গাওঁবাসীয়ে । মুঠতে এতিয়া কান্দোনৰ ৰোল উঠিছে এখন ঘৰত আৰু এখন গাঁৱত । উল্লেখ্য যে অসম আৰক্ষীৰ ইউ বি কনিষ্টবলৰ জোৱানজন বকুল চন্দ্ৰ দাস কাৰ্বিআংলং জিলাৰ ডিফু ৰিজাৰ্ভ পুলিচ চাওঁনীত কৰ্মৰত আছিল ।
নগাঁও জিলাৰ তুলসীমুখ চকৰিগাৱঁৰ বকুল চন্দ্ৰ দাসে যোৱা ১৩ জুলাইত বকুল চন্দ্ৰ দাসে আন তিনিজন আৰক্ষীৰ সৈতে এজন আচামীক লৈ দিল্লীলৈ বুলি যাত্ৰা আৰম্ভ কৰিছিল । কিন্তু যাত্ৰাপথত বকুল চন্দ্ৰ দাস হঠাৎ অসুস্থ হৈ পৰাত পাটনাৰ এখন চিকিৎসালয়ত তেওঁক ভৰ্ত্তি কৰোৱা হয় বুলি এজন সহযাত্ৰী আৰক্ষীয়ে ফোনযোগে জনাইছিল পত্নীক । কিন্তু অতি পৰিতাপৰ কথা যে, তাৰ পিছৰ পৰাই কোনো সন্ধান নাই বকুলৰ ।
বকুল চন্দ্ৰ দাস নিখোজ হোৱা বিষয়ে তেওঁৰ পত্নীয়ে ডিফু ৰিজাৰ্ভ পুলিচ চাওঁনীত বাৰে বাৰে অৱগত কৰিছে যদিও সহায়-সহযোগ পোৱা নাই । অৱশেষত তেওঁ উপায়ন্তৰ হৈ কাৰ্বিআংলং জিলাৰ আৰক্ষী অধীক্ষকক সমগ্র বিষয়টো অৱগত কৰিছিল ৷ কাৰ্বিআংলং জিলাৰ আৰক্ষী অধীক্ষকজনৰ গুৰুত্বহীন কৰ্মকাণ্ডৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে অঞ্চলবাসী । প্ৰশ্ন হয়, সৰিয়হৰ ডুলিতেই ভূত আছে নেকি? ৰাইজৰ সুৰক্ষাৰ দায়িত্বত থকা আৰক্ষী জোৱান অসুৰক্ষিত কিয় ?
সমগ্ৰ বিষয়টোত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক ব্যৱস্থা গ্ৰহণ কৰিবলৈ কাতৰ অনুৰোধ জনাইছে স্থানীয় ৰাইজে পৰিয়ালৰ লোকে । প্ৰশাসন আৰু চৰকাৰে অতি শীঘ্ৰে বকুলৰ সম্ভেদ দিব নোৱাৰিলে কাৰ্বিআংলং আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদত নামিব তুলসীমুখৰ ৰাইজ ।
- Log in to post comments
- 12 views