নিউজ ডেস্ক:
গুৱাহাটী মহানগৰীৰ মালিগাঁৱৰ ফুটব্ৰীজত ভয়ংকৰ ঘটনা।দুই শিশু আবদ্ধ হৈ পৰে ফুটব্ৰীজৰ লিফ্টত।আজি দুপৰীয়া প্ৰায় ১২.৩০বজাত বৰিপাৰাত সংঘটিত এই ভয়ংকৰ ঘটনা।
আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে, উত্তৰ জালুকবাৰীৰ চাহিল আলী (৮) আৰু মজাফুৰ আলী(৮) নামৰ শিশু দুটাই বৰিপাৰাৰ ফুটব্ৰীজৰ লিফ্টত যাত্ৰা কৰাৰ সময়ত হঠাৎ যান্ত্ৰিক বিজুতি ঘটি বন্ধ হৈ পৰে লিফ্টখন।ফলত প্ৰায় এঘন্টা ধৰি লিফ্টৰ ভিতৰত আৱদ্ধ হৈ পৰে শিশু দুটা।শিশু দুটা লিফ্টত আবদ্ধ হৈ পৰা খবৰ লাভ কৰাৰ পিছতে ঘটনাস্থলীত জালুকবাৰী আৰক্ষী উপস্থিত হয়।লগতে অগ্নি আৰু জৰুৰীকালীন সেৱাক আবদ্ধ হৈ পৰা শিশুদুটাক উদ্ধাৰৰ বাবে খবৰ দিয়া হয়।খবৰ পোৱা মাত্ৰকে অগ্নি আৰু জৰুৰীকালীন সেৱাৰ লোক উপস্থিত হৈ লিফ্টৰ ভিতৰত আৱদ্ধ হৈ থকা শিশু দুটিক জীৱন্তে উদ্ধাৰ কৰে।উদ্ধাৰ কৰা শিশু দুটাৰ স্বাস্থ্য পৰীক্ষাৰ অন্তত পৰিয়ালৰ লোকক চমজাই দিয়ে।
- Log in to post comments
- 23 views