নিউজ ডেস্ক:
গুৱাহাটী মহানগৰীত এইবাৰ অসমীয়াৰ পৰম্পৰাগত সাজ-পাৰ মেখেলা চাদৰ ,অসমীয়া গহনা পৰিধান কৰা দেৱী দুৰ্গাৰ প্ৰতিমা দেখিবলৈ পোৱা গৈছে ।
উল্লেখ্য যে মহানগৰীৰ বিষ্ণুপুৰৰ নিৰ্মল পাল নামৰ মৃৎ শিল্পীগৰাকীয়ে প্ৰায় দুমাহৰ ভিতৰত অসমীয়া সাজ -পাৰত নিৰ্মাণ কৰিছে দুৰ্গাদেৱীৰ প্ৰতিমা । প্ৰতিমাখনৰ উচ্চতা ৯ ফুট, বহল ১৪ ফুট । মৃৎ শিল্পীগৰাকীয়ে ৪০ বছৰ ধৰি এই শিল্পৰ লগত জড়িত হৈ আছে যদিও এইবাৰ প্ৰথমবাৰৰ বাবে অসমীয়া পৰম্পৰাগত সাজ-পাৰত নিৰ্মাণ কৰিছে দুৰ্গা দেৱীৰ প্ৰতিমা । দেৱীৰ প্ৰতিমাখনৰ সাজপাৰ ,আ অলংকাৰ সম্পূৰ্ণ মাটিৰে নিৰ্মাণ কৰা হৈছে বুলিও মৃৎ শিল্পী গৰাকীয়ে সংবাদ মাধ্যমক জানিব দিয়ে।
- Log in to post comments
- 28 views