মডেল ৰাজকন্যা বৰুৱাৰ বিপদ, আজি হ'ব লাগিব হাজিৰ

A

নিউজ ডেস্ক:


গুৱাহাটী মহানগৰীৰ ৰাজপথত সুৰপান কৰি গাড়ী চলাই ৮জনকৈ কৰ্তব্যৰত শ্ৰমিকক মহতিয়াই নিয়া মডেল ৰাজকন্যা বৰুৱাৰ সন্মুখত বিপদ।দিছপুৰ আৰক্ষীয়ে মডেল ৰাজকন্যালৈ জাৰি কৰিছে চমন।দিছপুৰ থানাত পুনৰ হাজিৰ হোৱাৰ নিৰ্দেশ আৰক্ষীৰ।উল্লেখ্য যে বৰ্তমান জিএনআৰচি চিকিৎসালয়ত ভৰ্তি হৈ আছে মডেল গৰাকী।

মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে সোমবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰৰ বাবে সাজু হৈছে।প্ৰয়োজনীয় সকলো সংগ্ৰহ কৰিছে।বিশেষকৈ দুৰ্ঘটনা সংঘটিত  হোৱা নিশাৰ ভিডি'অ সংগ্ৰহ কৰিছে দিছপুৰ আৰক্ষীয়ে।

শুকুৰবাৰে নিশা জিএছৰোডত কৰ্মৰত ৮জনকৈ শ্ৰমিকক গাড়ীৰে মহতিয়াই নিছিল।এগৰাকী শ্ৰমিক গুৰুতৰভাৱে আহত হৈ দুৰ্ঘটনাস্হলীতে   ছিঙি গৈছে এখন ভৰি।গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ভৰ্তি হৈ থকা অৱস্থাত শ্ৰমিক গৰাকীৰ অন্য ভৰিখনো কাটি পেলাব লগা হয়।

Your Comments